NORTHEAST NOW (Assamese)
অসম

সুৰাপায়ীৰ বাবে দুঃখবৰ: অসমত ১০ৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাব সুৰাৰ দাম

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 27, 2021 4:57 pm

ৰাজ্যৰ সুৰাপায়ী লোকসকলৰ বাবে দুঃখবৰ।

শীঘ্ৰে ৰাজ্যত বৃদ্ধি পাব সুৰাৰ দাম।ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলত VAT হ্ৰাস কৰাৰ ফলত যি ক্ষতিৰ সন্মুখীন হৈছে সেই ক্ষতি পূৰণ কৰিবলৈয়েই সুৰাৰ দাম ১০-১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে দামী পুৰাৰ ক্ষেত্ৰত কমেও ১৫ শতাংশ আৰু কম দামী সুৰাৰ ক্ষেত্ৰত কমেও ৫ শতাংশ মূল্যবৃদ্ধি ঘটোৱা হ’ব। উল্লেখ্য সুৰা বিক্ৰীৰ পৰা ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি আহিছে।

২০০১-২০০২ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰাৰ পৰা ১৪৮ কোটি টকাৰ আবকাৰী শুল্ক লাভ কৰিবলৈ সক্ষম হৈছিল।

২০২০-২০২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰাৰ পৰা লাভ কৰা আবকাৰী শুল্কৰ পৰিমাণ হৈছে ২,০৩৩ কোটি টকা।

চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সুৰা বিক্ৰীৰ পৰা ২,৪০০ কোটি টকাৰ ৰাজহ অৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে।

উল্লেখ্য ২০০১ চনৰ পৰাই ৰাজ্য চৰকাৰে কোনো সুৰাৰ বিপনী অথবা বাৰক অনুজ্ঞাপত্ৰ দিয়া নাই।

সম্প্ৰতি চৰকাৰে ৰাজ্যৰ কেইবাটাও নিৰ্বাচিত স্থানত সুৰাৰ বিপনীৰ অনুজ্ঞা প্ৰদানৰ সিদ্ধান্ত লৈছে।

অসমত বৰ্তমান ১,২৩৪ খন সুৰাৰ দোকান থকাৰ লগতে কেৱল গুৱাহাটীতে আছে ৩১৮ খন সুৰাৰ দোকান।

অসমত থকা বাৰৰ সংখ্যা হৈছে ৯৯৬ খন।

সুৰাৰ মূল্যবৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰে এক বুজন পৰিমাণৰ অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে কেতিয়াৰ পৰা সুৰাৰ মূল্য বৃদ্ধি হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।