Wild elephant rampaged বাক্সাৰ নাগ্ৰীজুলিৰ কাউলিত বনৰীয়া হাতীৰ উপদ্ৰৱ; নিদ্ৰাহৰণ গঞা ৰাইজৰ

Wild elephant rampaged বাক্সাৰ নাগ্ৰীজুলিৰ কাউলীত নিশা বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ। খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই দেওবাৰে নিশা কাউলিত প্ৰৱেশ কৰি সৃষ্টি কৰে আতংকময় পৰিৱেশৰ।
বনৰীয়া হাতীৰ জাকে খাই তহিলং কৰে ডাইলৰ খেতিৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি।
বহু পাৰিমানৰ তামোল-নাৰিকলৰ পুলিও ভাঙি উপদ্ৰৱ চলায়। তদুপৰি, কৃষকে কাটি থোৱা ধানো খাই পেলায় বনৰীয়া হাতীৰ জাকটোৱে।
ইপিনে, নিশা জুইৰ মলা জ্বলাই, ফটকা ফুটাই হাতী খেদিবলৈ বৃথা চেষ্টা চলায় ৰাইজে।
গাওঁবুঢ়া ৰঞ্জিত দে’ ই শীঘ্ৰেই উচ্চ পোহৰৰ টৰ্চ লাইট যোগান ধৰিবলৈ বন বিভাগক অনুৰোধ জনাইছে।
উল্লেখ্য যে বিগত এটা পষেকত হাতীৰ আক্ৰমণত তামুলপুৰ মহকুমাত দুজনকৈ লোকৰ মৃত্যু হৈছে।