NORTHEAST NOW (Assamese)
অসম

Covid Vaccination কামৰূপ (ম) জিলাত কেনেদৰে চলিছে ভেকচিন কাৰ্যসূচী? জনালে উপায়ুক্ত পল্লৱ গোপাল ঝাই

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী November 29, 2021 12:55 pm
DC Kamrup Metro

Covid Vaccination বৰ্তমান গুৱাহাটী মহানগৰীত ঘৰে ঘৰে চলি আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ক’ভিড ভেকচিন প্ৰদান সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে কামৰূপ (ম)জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এইকথা সদৰী কৰে।

উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে ১০ ডিচেম্বৰৰ ভিতৰত কামৰূপ(ম) জিলাত ১০০ শতাংশ ভেকচিন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে।

জিলাখনত এতিয়ালৈকে ২২ লাখ ৮৩ হাজাৰ ৪৪৫ টা ভেকচিন প্ৰদান কৰা হৈছে।

ইয়াৰে ১২ লাখ ৭৩ হাজাৰ ৯৩ টা প্ৰথম পালি ভেকচিন দিয়া হৈছে। সেইদৰে, ১০ লাখ ১০ হাজাৰ ৩৫২ টা দ্বিতীয় পালি ভেকচিন দিয়া হৈছে।

Also Read: Crime in the City পুনৰ মহানগৰীত হত্যাকাণ্ড; কনিষ্ঠ ভাতৃয়ে ৰডেৰে মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

মুঠ ৫ টা জ’নত বিভক্ত কৰি প্ৰদান কৰা হৈছে ভেকচিন।

উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, মুঠ ১১৮ শতাংশ প্ৰথম পালি ভেকচিন সম্পূৰ্ণ হৈছে কামৰূপ(ম)জিলাত। আনহাতে, ৯৩ শতাংশ দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ হৈছে।