Bridge Collapses: বিকশিত অসমত বিকাশৰ নমুনা; নিৰ্মাণৰ চাৰি বছৰৰ পিছতে ভাগি দুটুকুৰা হ’ল পকী দলং

Bridge Collapses শিৱসাগৰ নাজিৰা সীমামূৰীয়া ডিমৌকিনাৰ-বাঁহগড়ৰ সংযোগী ডাউকী আলিত থকা এখন দলং ভাগি দুটুকুৰা হৈ পৰিছে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনা দেখি চকু কপালত উঠিছে সচেতন ৰাইজৰ।
নিৰ্মাণৰ চাৰি বছৰৰ পিছতেই ভাঙি দুটুকুৰা হ’ল ৯৫ লাখ টকা ব্যয় সপেক্ষে নিৰ্মাণ কৰা এই পকী দলংখন।
ৰাইজৰ অভিযোগ যে ঠিকাদাৰ চুমন গগৈয়ে বিসংগতিপূৰ্ণ আৰু অতি নিম্নমানেৰে নিৰ্মাণ কৰা বাবেই আজি এইদৰে নিজে নিজে ভাগি পৰে এইখন পকী দলং।
বিভাগীয় কৰ্তৃপক্ষক পূৰ্বে কেইবাবাৰো এই বিসংগতিপূৰ্ণ দলংখন পুনৰ নিৰ্মাণৰ বাবে আবেদন জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।
ইপিনে, দলংখন এইদৰে ভাগি পৰাত শিৱসাগৰ মহাবিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী তথা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ ৰোগী অহাযোৱা কৰাত অসুবিধাৰ সন্মুখীন হব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।
বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।