NORTHEAST NOW (Assamese)
অসম

সাংবাদিক ভৈৰৱ মুণ্ডালৈ ‘ছহিদ সাংবাদিক কমলা শইকীয়া সাহসী সাংবাদিকতা বঁটা’

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 15, 2020 5:32 pm
20201115_160343

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে আজি অসমৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰে।

এই বৰ্ষৰ ‘ছহিদ সাংবাদিক কমলা শইকীয়া সাহসী সাংবাদিকতা বঁটা’ প্ৰদান কৰা হয় সাংবাদিক ভৈৰৱ মুণ্ডাক।

শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত জেষ্ঠ্য সাংবাদিক মনোজ বৰঠাকুৰ আৰু এনামুদ্দিন আহমেদে সাংবাদিক ভৈৰৱ মুণ্ডাক এই বঁটা প্ৰদান কৰে।

ছহিদ সাংবাদিক কমলা শইকীয়া সাহসী সাংবাদিকতা বঁটা গ্ৰহণ কৰি ভৈৰৱ মুণ্ডাই কয়,  ‘সাংবাদিক কমলা শইকীয়াৰ লগতে হত্যাৰ বলি হোৱা প্ৰতিজন সাংবাদিকৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি লাভ কৰক। এইয়া প্ৰতিজন সাংবাদিকৰ দাবী।’

তেওঁক ছহিদ সাংবাদিক কমলা শইকীয়া সাহসী সাংবাদিকতা বঁটাৰ সন্মান প্ৰদান কৰাৰ বাবে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাক ধন্যবাদ জনায়। ভৱিষ্যতেও তেওঁ এইদৰে সাহসিকতাৰে দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে আপোচবিহীন বাতৰি পৰিবেশন কৰি যাব বুলি মন্তব্য কৰে।

উল্লেখ্য যে ভৈৰৱ মুণ্ডাই বৰ্তমান অসমৰ আগশাৰী চেটেলাইট চেনেল প্ৰাগ নিউজত শিৱসাগৰৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াই আহিছে।