NORTHEAST NOW (Assamese)
অসম

জনপ্রিয় ছাত্ৰ নেতা ধীৰাজ নাৰায়ণ নাথৰ অকাল মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী November 15, 2020 5:56 pm
Dhiraj

ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ধীৰাজ  নাৰায়ণ নাথৰ আজি গুৱাহাটী নাৰিকলবস্তিৰ নিজা বাসভৱনত মৃত্যু ঘটে।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত  জনপ্ৰিয় ছাত্ৰ নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৫ বছৰ।

১৯৭৫ চনৰ ১৪ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰা প্ৰয়াত নাথ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি থকাৰ  লগতে বি বৰুৱা মহাবিদ্যালয় ছাত্ৰ সন্থাৰো প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

ছিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰয়াত প্ৰাক্তন অধ্যক্ষ ৰেৱণ নাথৰ পুত্ৰ ধীৰাজ  নাৰায়ণ নাথ এগৰাকী জনপ্ৰিয় সমাজ সংগঠক আছিল।

তেওঁ ছিপাঝাৰ সাহিত্য সভাৰ আদৰণি সমিতিৰ সৈতেও জৰিত থাকি সেৱা আগবঢ়াইছিল।মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে। ধীৰাজ নাৰায়ণ নাথৰ অকাল মৃত্যুত বি বৰুৱা মহাবিদ্যালয় ছাত্ৰাবাস ‘ভোমছা’ পৰিয়ালৰ লগতে দৰং জিলা সাহিত্য সভা,ছিপাঝাৰ প্ৰেছ গীল্ড, মঙলদৈ প্ৰেছ ক্লাব,ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াৰ লগতে বহু দল, সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰিছে।

ধীৰাজ  নাৰায়ণ নাথৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ পৰা ছিপাঝাৰৰ বাসগৃহলৈ অনা হয়।