মাৰ্ঘেৰিটাত অনুষ্ঠিত হ’ব আন্তঃজিলা পুৰুষ মহিলা ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা

মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আন্তঃজিলা পুৰুষ মহিলা ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা খন পোন প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেই উপলক্ষে আজি মাৰ্ঘেৰিটা খণ্ড উন্নয়ন সভা কক্ষত এখন মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজহুৱা সভাৰ আয়োজন কৰা হয়।
উক্ত সভাত পৌৰোহিত্য কৰে মাৰ্ঘেৰিটা উওৰ পূৱ কয়লা ক্ষেত্ৰৰ প্ৰাক্তন খেলুৱৈ বিনোদ কোঁৱৰে।
আজিৰ সভাতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ উদেশ্য এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
সভাৰ সৰ্বসন্মতিক্ৰমে মাৰ্ঘেৰিটা মাহকুমাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমক সভাপতি আৰু মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সত্য ৰঞ্জন বৰকাকতীৰ লগতে দিচেন টিপমিয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।
আজিৰ সভাত মাৰ্ঘেৰিটাৰ কেইবাটাও সংগঠনৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।