Illegal Trade: ভাৰত বাংলা সীমান্তত বিএছএফৰ অভিযানত ১২ লক্ষাধিক টকাৰ চোৰাং কাপোৰৰ সামগ্ৰী জব্দ

Illegal Trade দক্ষিণ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ কাপোৰৰ সামগ্ৰীৰ চোৰাং চালান অব্যাহত আছে। ইয়াৰ মাজতে বি এছ এফৰ এক অভিযানত ১২ লক্ষাধিক টকাৰ কাপোৰৰ সামগ্ৰী জব্দ কৰা হয়।
দক্ষিণ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিলৱাগিৰী সীমান্ত সুৰক্ষা চকীৰ পহৰাৰত বি এছ এফৰ দলে বৃহৎ পৰিমাণৰ কাপোৰৰ সামগ্ৰী জব্দ কৰে।
কাপোৰৰ সামগ্ৰী সমূহ চোৰাং বেপাৰীয়ে ভাৰতৰ পৰা বাংলাদেশলৈ চালান দিবলৈ লোৱা অৱস্থাত জব্দ কৰে বি এছ এফে।
৫৫ বি এন বি এছ এফৰ পহৰাৰত জোৱানে জব্দ কৰা কাপোৰৰ সামগ্ৰীখিনিৰ মূল্য ১২লাখ ৯৫০ টকা বুলি জানিব পৰা গৈছে।
বুধবাৰে জব্দ কৰা কাপোৰৰ সামগ্ৰী সমুহ বি এছ এফে বাঘমাৰা আৰক্ষী থানাত জমা দিয়া বুলি জনা গৈছে।
বাঘাপাৰা থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।