NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত বৃদ্ধি পাইছে অ’মিক্ৰণৰ আতংক; দৈনিক সংক্ৰমণ, মৃত্যুৰ হাৰ নিম্নগামী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2021 12:14 pm
Corona-Mask-750x375

Covid-19 Update দেশত অ’মিক্ৰন ভেৰিয়েন্টৰ আতংক বিয়পি পৰাৰ সময়ত দৈনিক আক্ৰান্ত আৰু মৃত্যু দুয়োটাই নিম্নগামী হোৱা দেখা গৈছে

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৮ হাজাৰ ৩০৬ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৮৯৫ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২১১জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৩ হাজাৰ ৫৩৭জন।

Also Read: Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৮৩৪ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪০লাখ ৬ হাজাৰ ৬০৮জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯হাজাৰ ৪১৬জন। এয়া বিগত ৫৫২দিনৰ ভিতৰত সৰ্বনিম্ন।

Also Read:Jacqueline Fernandez: জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক; দিল্লীত দেখা কৰিব লাগিব ইডিক

বৰ্তমানলৈ দেশত ১২৭ কোটি ৯৩লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰনকলৈ শংকা বৃদ্ধি পাইছে। এতিয়ালৈকে ভাৰতত ২১ জনৰ দেহত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।