NORTHEAST NOW (Assamese)
অসম

Reliance Jio: বন্ধ হ’ল Jioৰ এই সস্তীয়া প্লেনসমূহ; আকৰ্ষণীয় প্লেনবোৰৰ ভিতৰত কি বাকী আছে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2021 3:13 pm
Jio plans

Reliance Jio ডিচেম্বৰৰ পহিলা তাৰিখৰ পৰাই জিঅ’ৰ ৰিচাৰ্জ প্লেনৰ দৰ বৃদ্ধি পাইছে। সেইদৰে চাৰিটা জনপ্ৰিয় প্লেন ৪৯৯টকা, ৬৯৯টকা, ৮৮৮টকা আৰু ২,৪৯৯টকাৰ প্লেন বন্ধ কৰি দিয়া হৈছে।

জিঅ’ই যোৱা ছেপ্টেম্বৰত সেই প্লেনসমূহৰ সৈতে এই চাৰিটা নতুন প্ৰিপেইড প্লেন আৰম্ভ কৰিছিল। এই প্লেনৰ সৈতে Disney+ Hotstar ৰ ছাবস্ক্ৰিপশ্যন পোৱা গৈছিল।

বৰ্তমান জিঅ’ৰ এটা মাত্ৰ প্লেনৰ সৈতেই বিনামূলীয়া Disney+ Hotstar ৰ ছাবস্ক্ৰিপশ্যন পোৱা যায়। মাত্ৰ ৬০১টকাৰ প্লেনতে Disney+ Hotstar ৰ ছাবস্ক্ৰিপশ্যন আগবঢ়োৱা হৈছে।

Also Read: Jacqueline Fernandez: জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক; দিল্লীত দেখা কৰিব লাগিব ইডিক

জিঅ’ৰ ৬০১টকাৰ প্লেনত অ’টিটি বেনিফিটকে ধৰি প্ৰতিদনে বিনামূলীয়াকৈ ৩জিবি ডাটা পোৱা যায়। অতিৰিক্ত ৬ জিবি ডাটাও দিয়া হয়। এই প্লেনৰ ভেলিডিটি ২৮ দিনৰ।

এই ৬০১টকাৰ প্লেনৰ সৈতে Disney+ Hotstar (বিনামূলীয়াকৈ এবছৰ), JioTV, JioCinema, JioSecurity ছাবস্ক্ৰিপশ্যন পোৱা যায়।

Also Read: নাগালেণ্ডৰ সেনাৰ দ্বাৰা নিৰীহ লোকৰ হত্যাকাণ্ডক ‘ক’লা দিন’ হিচাপে অভিহিত গৌৰৱ গগৈৰ

বৰ্তমান জিঅ’ ৫৬ দিনৰ কোনো প্লেনত প্ৰতিদিনে ৩ জিবি ডাটা নিদিয়ে।

জিঅ’ৰ ৬০১টকাৰ প্লেনৰ লগতে ৪১৯টকা (২৮দিন), ১,১১৯টকা (৮৪দিন) আৰু ৪,১১৯ টকাৰ (৩৬৫দিন) প্লেনত ৩জিবি ডাটা পোৱা যায়। কিন্তু এইবোৰত Disney+ Hotstar ৰ ছাবস্ক্ৰিপশ্যন পোৱা নাযায়।