NORTHEAST NOW (Assamese)
অসম

কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন; জাঁজীমুখৰ অমিয়ই সৰিয়হ খেতিৰে দেখুওৱাইছে আদৰ্শ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 7, 2021 11:25 am
Cu;tivator Teok

বাৰিষা বানৰ তাণ্ডৱৰ পাছত খৰালি শীতৰ আগমণৰ লগে লগেই নদীৰ পাৰৰ ছন পৰা ভূমিত এতিয়া জাঁজীমুখৰে বৰমথাউৰি অঞ্চলৰ আদৰ্শ কৃষক অমিয় দলেকে প্ৰমুখ্য কৰি গাঁৱখনৰ অধিকাংশ পুৰুষ মহিলাই কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰি আদৰ্শ দেখুওৱাইছে।

বিশেষকৈ ক’ভিডসৃষ্ট পৰিবেশত হাহাকাৰৰ সন্মুখীন হোৱা এইসকল গঞাই এতিয়া বিঘাই বিঘাই ধান, সৰিয়হ, আলু ,ৰঙালাওকে ধৰি বিভিন্ন খেতি কৰি কৃষি বিপ্লৱৰ সুচনা কৰিছে। সপোন দেখিছে স্বাৱলম্বী হোৱাৰ।

কিন্তু এই ক্ষেত্ৰত এইসকল চহা কৃষকে চৰকাৰীভাৱে বিশেষ সা-সুবিধা এই পৰ্যন্ত লাভ কৰা নাই। সেয়ে অনাগত দিনত চৰকাৰে এইসকল কৃষকক কিছু সহায়ৰ হাত আগবঢ়াই তেওঁলোকক উৎসাহিত কৰিবলৈ ৰাইজে চৰকাৰখনক আহ্বান জনাইছে।

Also Read: Man-elephant conflict: খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ; ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

উল্লেখযোগ্য যে বৰ্তমান গৰুখুটিৰ সৰিয়হৰ খেতিক লৈ ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা সময়তে ৰাজ্যৰ অনান্য অঞ্চলৰ সমান্তৰালকৈ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তটো এইদৰে বিঘাই বিঘাই সৰিয়হ,মাহৰ খেতি কৰা হৈছে যি ৰাজ্যৰ কৃষি খণ্ডত এক নতুন দিগন্তৰ সুচনা কৰিব বুলি ক’ব পাৰি।