NORTHEAST NOW (Assamese)
অসম

১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পদ্ম নাথ গোঁহাঞিবৰুৱা ১৫০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী December 8, 2021 2:33 pm
Padmanath Gohainbarua 150 year birth anniversary celebrations to begin from December 10

বুধবাৰে সদৌ অসম আহোম সভাই সম্বোধন কৰা এক সংবাদমেলত আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত পদ্মনাথ গোঁহাঞিবৰুৱা ১৫০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ পালনৰ কথা সদৰী কৰিছে ।

সংবাদ মেলত কৰা ঘোষণা অনুসৰি অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পদ্মনাথ গোঁহাঞিবৰুৱা জন্ম জয়ন্তী উৎসৱ। ১৫ আৰু ১৬ ডিচেম্বৰ তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

শিৱসাগৰ বডিং খেলপথাৰত এই জন্ম জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ’ব।

অসমীয়া ভাষা তথা সাহিত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গোঁহাঞিবৰুৱা বৰঙণি অনস্বীকার্য ।অসমীয়া ভাষা আৰু সাহিত্যিকৰ বাবে গোঁহাঞিবৰুৱাই যথেষ্ঠ ত্যাগ কৰিছে। তেওঁক এলাগী কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আহোম সভাৰ নেতৃত্বই।

আনহাতে, অসমীয়া সাহিত্যৰ কাণ্ডাৰী পদ্ম নাথ গোঁহাঞিবৰুৱাক সাহিত্য সভাই স্মৰণ কৰিবলৈ পাহৰি যোৱাৰ অভিযোগ উসদৌত্থাপন কৰে অসম আহোম সভাই।

তদুপৰি গোঁহাঞিবৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় আৰু উদ্যান প্ৰতিষ্ঠা কৰাৰ লগতে এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবেও অসম চৰকাৰক আহ্বান জনায় সংগঠনটোৱে।

সদৌ অসম আহোম সভাই এইবাৰৰ পৰা পদ্মনাথ গোঁহাঞিবৰুৱাৰ স্মৃতিত বঁটা প্ৰদান কৰিব বুলিও উল্লেখ কৰে। সংগঠনটোৱে এইবাৰ এই বঁটা ড° অৰবিন্দ ৰাজখোৱাক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।