NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদ নেওঁচি শালকোচাৰ গেৰাভিটাত স্থাপন বিলাতী সুৰাৰ বিপনী, অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উপায়ুক্তলৈ স্মাৰকপত্ৰ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ December 8, 2021 2:48 pm

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ গেৰাভিটা গাঁও পঞ্চায়তৰ এটা পেট্ৰল পাম্প চৌহদত নতুনকৈ স্থাপন কৰা বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে শালকোচাৰ প্ৰায় আটাইকেইটা সংগঠন আৰু সচেতন ৰাইজে।

উক্ত সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীত আজি বিয়লি শালকোচা আঞ্চলিক ছাত্ৰসন্থা, আক্ৰাছুৰ শালকোচা আঞ্চলিক সমিতি, শালকোচা আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ শালকোচা আঞ্চলিক সমিতিয়ে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে পৃথকে পৃথকে ধুবুৰী জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠন কেইটাই উক্ত সুৰাৰ বিপনীখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বৃহত্তৰ শালকোচা অঞ্চলৰ আন কোনো স্থানতে যাতে বিলাতী সুৰাৰ বিপনী স্থাপনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা নহয় তাৰ বাবেও জিলা উপায়ুক্তক আহ্বান জনাইছে।

স্মাৰক পত্ৰত সংগঠন কেইটাই উল্লেখ কৰিছে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মূল্যবোধৰ ৰাজনীতিৰ মহীৰূহ জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মস্থান হিচাপে চাপৰ ৰাজহ চক্ৰ খ্যাত।

আনহাতে জননেতাগৰাকীয়ে তেওঁৰ জন্মস্থানত যাতে কেতিয়াও সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰ বাবে তেওঁ জীৱিত থকা অৱস্থাত সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাজহুৱাভাৱে আহ্বান জনাইছিল।

সেয়েহে সংগঠনকেইটাই চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচা অঞ্চলত নতুনকৈ স্থাপন কৰা সুৰাৰ বিপনী (অনশ্বপ)খনৰ অনুজ্ঞাপত্ৰ ৭২ ঘণ্টাৰ ভিতৰত বাতিল কৰি মদৰ দোকানখন বন্ধ কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনাইছে।

ইপিনে গেৰাভিটা গাঁও পঞ্চায়তৰ পেট্ৰল পাম্প চৌহদত স্থাপন কৰা বিলাতী সুৰাৰ বিপনীখনৰ পৰা ৭৫মিটাৰৰ ভিতৰত থকা ১৬টা পৰিয়ালেও উক্ত স্থানত মদৰ দোকান স্থাপনত তেওঁলোকৰ  আপত্তি থকা বুলি বিলাসীপাৰৰ মহকুমাধিপতিক লিখিত ভাবে জনাই সুৰাৰ বিপনীখনৰ  অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ অনুৰোধ জনাইছে বুলি জানিব পৰা গৈছে।

ইফালে পুঠিমাৰী গাঁও পঞ্চায়তৰ ৰাইজেও ধীৰঘাটৰ সমীপত থকা ‘নাগৰাজ ৱাইন শ্বপ’ নামৰ মদৰ দোকানখনৰো অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে।

ইপিনে চাপৰ থানাৰ অন্তৰ্গত তথা চাপৰ শালকোচা উন্নয়ন খণ্ডৰ ভিতৰত থকা বহলপুৰ , বাৰুনিতাৰা , আদিকে ধৰি আন আন পঞ্চায়ত এলেকাত যাতে বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া নহয় তাৰ বাবে অঞ্চলৰ প্ৰায় বৰ দল সংগঠন , ছাত্ৰ ছাত্ৰী, সচেতন মহলে আদি নাগৰিকে অসমৰ মুখ্মন্ত্ৰীৰ ওচৰত বহু আশা কৰি দাবী উত্থাপন কৰিছে।