NORTHEAST NOW (Assamese)
অসম

ভূমি কেলেংকাৰী: আৰক্ষীৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ মাজতো জ্বলিল হিমন্ত বিশ্বৰ পুত্তলিকা

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 9, 2021 1:52 pm

শিৱসাগৰ আৰক্ষীৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ মাজতো জ্বলিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা। 

শিৱসাগৰৰ চহৰৰ মাজমজিয়া মুক্তিনাথ চাৰিআলিত দাহ কৰে এই পুত্তলিকা।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা।

মাটি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলক তদন্তৰ আওঁতালৈ আনি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

অৱশ্যে পিছত শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।