NORTHEAST NOW (Assamese)
ক্ৰীড়া

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা, দলৰ নতুন সহ- অধিনায়ক হিচাপে নিযুক্ত ৰোহিত শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2021 2:27 pm
India Squad For South Africa Tests

আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে বুধবাৰে ভাৰতীয় টেষ্ট দল ঘোষণা কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ ঘৰুৱা শৃংখলাত বিশ্ৰাম লোৱা কে এল ৰাহুল, ঋষভ পন্ত, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামীৰ দৰে শীৰ্ষ খেলুৱৈৰ দললৈ প্ৰত্যাৱৰ্তন ঘটিছে।

আনহাতে টেষ্ট দলৰ সহ-অধিনায়ক আজিংক্যা ৰাহানেৰ স্থানত ৰোহিত শৰ্মাক নতুনকৈ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

“২০২১ চনৰ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক ৩ খন খেলৰ টেষ্ট শৃংখলাৰ বাবে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে ১৮ জনীয়া দল বাছনি কৰিছে। টেষ্ট শৃংখলাটো আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন সূচীৰ এটা অংশ হ’ব।” বিচিচিআইয়ে কয়।

ভাৰতৰ টেষ্ট দলঃ বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহ-অধিনায়ক), কে এল ৰাহুল, মায়াংক আগৰৱাল, চেতেশ্বৰ পুজাৰা, আজিংক্যা ৰাহানে, শ্ৰেয়স আয়াৰ, হনুমা বিহাৰী, ঋষভ পণ্ট, ঋদ্ধিমান সাহা, ৰবিচন্দ্ৰনঅশ্বিন, জয়ন্ত যাদৱ, ইশান্ত শৰ্মা, মহম্মদ ছামি, উমেশ যাদৱ, যশপ্ৰীত বুমৰাহ, শাৰ্দুল ঠাকুৰ, মহম্মদ চিৰাজ।

 

ষ্টেণ্ডবাই খেলুৱৈ হিচাপে আছে নৱদীপ চাইনী, সৌৰভ কুমাৰ, দীপক চাহাৰ, আৰ্জান নাগৱাছৱালা।

বিচিচিআইয়ে লগতে জানিবলৈ দিয়ে যে শুভমন গিল, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল আৰু ৰাহুল চাহাৰক আঘাতৰ বাবে দলত নিৰ্বাচন কৰা নহ’ল।

ভাৰতে ২৬ ডিচেম্বৰত চেঞ্চুৰিয়নত বক্সিং ডে টেষ্টৰ পিছত ক্ৰমান্বয়ে জোহান্সবাৰ্গত (৩ জানুৱাৰী) আৰু কেপ টাউনত (১১ জানুৱাৰী) দ্বিতীয় আৰু তৃতীয় টেষ্ট খেলিব।

উল্লেখ্য যে পূৰ্বৰ সময়সূচী অনুসৰি শৃংখলাটো পূৰ্বে ১৭ ডিচেম্বৰ পৰা আৰম্ভ হ’বলগীয়া আছিল। কিন্তু দক্ষিণ আফ্ৰিকাৰ নতুন ক’ভিদ-১৯ প্ৰকাৰ অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ বাবে পিছুৱাই দিয়া হৈছিল।