NORTHEAST NOW (Assamese)
Popular Stories

সমাপ্তি ঘটিব কৃষক আন্দোলনৰ, ১১ ডিচেম্বৰত প্ৰতিবাদস্থলী এৰিব কৃষকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2021 3:37 pm
Farmer Protest

অৱশেষত দীৰ্ঘদিনীয়া কৃষক আন্দোলনৰ সমাপ্তিৰ ইঙ্গিত দিছে কৃষক নেতৃত্বই। তেওঁলোকে ঘোষণা কৰিছে যে শনিবাৰে, ১১ ডিচেম্বৰত ১৫ মহীয়া কৃষি আন্দোলনৰ সমাপ্ত কৰিব আৰু তেওঁলোকৰ ঘৰলৈ উভতি যাব।

সূত্ৰ অনুসৰি কৃষক সংগঠনবোৰে আজি সন্ধিয়া ৫.৩০ বজাত বিজয় প্ৰাৰ্থনাৰ পৰিকল্পনা কৰিছে। ১১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত দিল্লীৰ সীমান্তৰ সিংগু আৰু টিক্ৰী প্ৰতিবাদস্থলীত বিজয় যাত্ৰা অনুষ্ঠিত হ’ব। ১৫ ডিচেম্বৰত দিল্লীত সংযুক্ত কিষাণ মৰ্চাই আন এখন বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

যোৱা ২১ নৱেম্বৰত সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) ছয়টা দাবী সম্বলিত এখন পত্ৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱাৰ পিছত কেন্দ্ৰই কালি এছকেএমৰ পাঁচ জনীয়া সমিতিলৈ এখন লিখিত খচৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত কৃষকসকলে স্পষ্ট কৰিছিল যে বিতৰ্কিত আইনসমূহ বাতিল কৰাটো তেওঁলোকে উত্থাপন কৰা কেইবাটাও দাবীৰ ভিতৰত কেৱল এটা আছিল। কৃষকৰ আন সমূহ দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল।

যোৱা সপ্তাহত, কৃষকসকলে কৈছিল যে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সৈতে এটা ফোন কলৰ জৰিয়তে তেওঁলোকে উত্থাপন কৰা বিষয়বোৰ আলোচনা কৰিবলৈ পাঁচজনীয়া এখন পেনেল গঠনৰ আহ্বান জনাইছিল।

এই প্ৰস্তাৱৰ অংশ হিচাপে MSP কে ধৰি কৃষকৰ আন দাবী সম্পৰ্কে নিৰ্ণয় কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ এছকেএমৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। সমিতিখনত চৰকাৰী বিষয়া, কৃষি বিশেষজ্ঞ আৰু এই প্ৰতিবাদৰ নেতৃত্ব দিয়া কৃষক সংগঠনসমূহৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধিসকল থাকিব।

সূত্ৰ অনুসৰি কেন্দ্ৰই কৃষকসকলৰ সকলো দাবীৰ ওপৰত চৰ্চা কৰিবলৈ মান্তি হৈছে। লগতে প্ৰতিবাদৰ সময়ত কৃষক সকলৰ বিৰুদ্ধে আৰোপ কৰা সকলো গোচৰ বাদ দিবলৈ সন্মত হৈছিল বুলিও সূত্ৰটোৱে লগতে উল্লেখ কৰে।