NORTHEAST NOW (Assamese)
দেশ

কোন হ’ব দেশৰ পৰৱৰ্তী ‘চীফ অৱ ডিফেঞ্চ ষ্টাফ’!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2021 6:02 pm
CDS

বুধবাৰে তামিলনাডুত এক মৰ্মান্তিক হেলিকপ্টাৰ দুৰ্ঘটনাত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৱে সমগ্ৰ দেশকে শোকস্তব্ধ কৰি তোলে। তেখেতৰ মৃত্যুৰ পিছত দেশৰ পৰৱৰ্তী ‘চীফ অৱ ডিফেঞ্চ ষ্টাফ’ কোন হ’ব সেই বিষয়ত চৰ্চা আৰম্ভ হৈছে।

প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে এসপ্তাহৰ ভিতৰত পৰৱৰ্তী চিডিএছ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। চিডিএছ বাছনিৰ বাবে কোনো নিৰ্ধাৰিত নিয়ম নাই। মুখ্যতঃ চৰকাৰে সীমান্ত সুৰক্ষাৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লয়।

চিডিএছ ৰ নিযুক্তিৰ মৌলিক চৰ্তবোৰ সৰল। ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা (আইএএফ) আৰু ভাৰতীয় নৌসেনা – তিনিটা সেৱাৰ যিকোনো কমাণ্ডিং বিষয়া চিডিএছ পদৰ বাবে যোগ্য। চৰকাৰে সামৰিক বিষয়াৰ যোগ্যতা-তথা-জ্যেষ্ঠতাৰ আধাৰত সিদ্ধান্ত ল’ব লাগিব। চিডিএছ পদত অধিষ্ঠিত ব্যক্তিজন ৰ বয়স ৬৫ বছৰতকৈ অধিক হ’ব নালাগে।

সশস্ত্ৰ বাহিনীৰ তিনিজন সেৱা আগবঢ়োৱা মুৰব্বীৰ ভিতৰত ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে জেনেৰেল বিপিন ৰাৱাটৰ পিছত সামৰিক বাহিনীৰ জ্যেষ্ঠতম বিষয়া। জেনেৰেল নাৰাভানেৰ ভাৰতীয় সেনা প্ৰধান হিচাপে এপ্ৰিল ২০২২ লৈকে কাৰ্যকাল আছে।

জেনেৰেল নাৰাভানে ২০১৯ চনৰ ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাটৰ পৰা ভাৰতীয় সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল। এইফালৰ পৰা তেওঁ সশস্ত্ৰ বাহিনীৰ আন দুজন মুৰব্বীৰ তুলনাত জ্যেষ্ঠতাৰ তালিকাত শীৰ্ষস্থানত আছে।

আন দুজন সেৱা প্ৰধান তেওঁলোকৰ পদত তুলনামূলকভাৱে নতুন। এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰীয়ে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত আইএএফৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু এডমিৰেল আৰ হৰি কুমাৰ ৩০ নৱেম্বৰত নৌ সেনাপ্ৰধান হৈছিল।

জ্যেষ্ঠতাৰ উপৰিও চিডিএছ পদলৈ উন্নীতকৰণৰ বাবে জেনেৰেল নাৰাভানেক সীমান্ত পৰিস্থিতিয়েও সহায় কৰে। সীমান্তৰ পৰিস্থিতিয়ে ভাৰতীয় সেনাৰ বৃহত্তৰ ভূমিকা নিৰূপণ কৰে।

চি.ডি.এছ. হিচাপে ভাৰতৰ শীৰ্ষ সামৰিক বিষয়াৰ একাধিক ভূমিকা আছে। তেখেত হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব, স্থায়ী অধ্যক্ষ চীফ অফ ষ্টাফ কমিটি আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মুখ্য উপদেষ্টা।