NORTHEAST NOW (Assamese)
দেশ

কৃষকসকলৰ ঐক্য তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি: কেজৰিৱাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 11, 2021 5:43 pm
Arvind Kejriwal

অৱশেষত সুদীৰ্ঘ ১৫ মহীয়া কৃষক আন্দোলনৰ সফল পৰিসমাপ্তিৰ পিছত আজি ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষক।

কৃষকসকলক শুভেচ্ছা জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি কয়, “ধৈৰ্য্য, সাহস আৰু ঐক্যৰ কোনো বিকল্প নাই। কেৱল ভাতৃত্ববোধ আৰু ঐক্যৰ দ্বাৰাহে দেশখন আগবাঢ়িব পাৰে। কৃষকসকলৰ এই ঐক্য তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি আছিল। ঐতিহাসিক বিজয়ৰ পিছত আজিৰ পৰা ঘৰলৈ উভতি অহা কৃষকসকলৰ দৃঢ় ইচ্ছা আৰু জীৱনীশক্তিলৈ মোৰ অভিবাদন।”

 

উল্লেখ্য যে আপোচহীন কৃষক আন্দোলনৰ ওচৰত আত্মসমৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বাতিল কৰাৰ লগতে প্ৰতিবাদী কৃষকৰ সকলো দাবীৰ ওপৰত আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত অৱশেষত প্ৰতিবাদৰ সমাপ্তি ঘটিছিল।

কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ৪০ টা কৃষক সংগঠনৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চা (এছকেএম)য়ে বৃহস্পতিবাৰে তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লয় আৰু ঘোষণা কৰে যে কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমাত থকা প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি যাব।