NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ শিক্ষাৰ অধীনত ভোলানাথ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পাব্লিক একুৱাৰিয়াম দৰ্শন

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও December 13, 2021 6:46 pm

বঙাইগাঁও জিলা প্ৰশাসন , বঙাইগাঁও জিলা সমগ্ৰ শিক্ষা তথা জিলা মীন বিভাগৰ যুটীয়া উদ্যোগত আজি জিলাখনৰ দোলাইগাঁওস্থিত ভোলানাথ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বঙাইগাঁও পৰিৱেশ উদ্যানত অলপতে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা “পাব্লিক একুৱাৰিয়াম”দেখুওৱা হয়।

জিলা আঁচনি বিষয়া অভিনৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত প্ৰাথমিক বিদ্যালয়খনৰ আটাইকেইগৰাকী শিক্ষক, চি আৰ চি চিৰ সৈতে সমূহ ছাত্ৰ-ছাত্ৰীকে বঙাইগাঁও পৰিৱেশ উদ্যানত থকা এই পাব্লিক একুৱাৰিয়াম বিনামূলীয়াকৈ দেখুওৱা হয়।

জিলা মীন বিষয়া প্ৰতুল বৰ্মনে নিজে উপস্থিত থাকি পৰিৱেশ উদ্যানত স্থাপন কৰা ২৬ টা একুৱাৰিয়ামত থকা বিভিন্ন প্ৰজাতিৰ আলংকাৰীক মাছবিলাকৰ নাম, কোনটো মাছ ক’ত পোৱা যায়, কেনেদৰে যত্ন ল’ব লাগে ইত্যাদি বিভিন্ন কথা ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলক পুথিগত জ্ঞানৰ বাহিৰে নিজ চকুৰে চাই আনন্দ পোৱাৰ লগতে ব্যৱহাৰিক জীৱনত শিক্ষা দিয়াৰ উদ্দেশ্যে আজি এনেদৰে পাব্লিক একুৱাৰিয়াম দেখুওৱা হয়।

জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ দিহা-পৰামৰ্শৰে এই কাৰ্যসূচীৰ ব্যৱস্থা কৰা হয়। প্ৰতি সপ্তাহত জিলাখনৰ একো একোখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এনেদৰে শিক্ষামূলক ভ্ৰমণলৈ অনা হ’ব বুলি জিলা আঁচনি বিষয়া অভিনৱ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে।