NORTHEAST NOW (Assamese)
অসম

উৎকোচ লৈ CBI ৰ জালত ৰে’ল বিভাগৰ মুখ্য কাৰিকৰী বিষয়া

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী December 14, 2021 5:39 pm
Ranjit Kumar Bora

উৎকোচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ হ’ল ৰে’ল বিভাগৰ মুখ্য কাৰিকৰী বিষয়া ৰঞ্জিত কুমাৰ বৰা।

উত্তৰ পূৱ ৰেইলৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্য্যালয়ত অভিযান চলাই উৎকোচ লওঁতেই হাতে লোটে ধৰা পেলায় CBI ৰ এটা দলে।

সুত্ৰ অনুসৰি ঠিকা আৱন্টনৰ নামত ২.৫০ কোটি টকা ঘোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছে বৰাৰ বিৰুদ্ধে।

ইয়াৰে ৫০ লাখ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় ৰঞ্জিত কুমাৰ বৰাক।

ঠিকা লাভৰ নামত উৎকোচ দিবলৈ অহা এজন লোককো CBI ৰ দলটোৱে আটক কৰিছে বুলি জানিব পৰা গৈছে।

বিদ্যুৎ বিভাগৰ ঠিকাদাৰক লাখ লাখ টকাৰ বিনিময়ত ঠিকা দিয়াৰ অভিযোগ আছে ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে।

মালিগাঁৱৰ ৰেইলৱে কাৰ্য্যালয়ৰ লগতে বৰাৰ হেঙেৰাবাৰীস্থিত উৎসৱ কানন নামৰ বিলাসী এপাৰ্টমেন্টতো CBI য়ে অভিযান চলায়।

অভিযানৰ সময়চোৱাত CBI য়ে বিভিন্ন আপত্তিজনক নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।