NORTHEAST NOW (Assamese)
অসম

Dignity of labour ঘৰে ঘৰে পুৱাই বাতৰি কাকত বিলাই আদৰ্শ গঢ়িছে টীয়কৰ যুৱতী পৰিস্মিতাই

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 15, 2021 2:44 pm

পুৱাই বাতৰি কাকত ঘৰে ঘৰে বিলাই ফুৰা যুৱতী গৰাকীৰ নাম পৰিস্মিতা গগৈ।

ঘৰ টীয়কৰ পহুচুঙি গাঁৱত।

পুৱাই চাইকেলখন লৈ ঘৰৰ পৰা ওলাই যায় পৰিস্মিতা।

বহু আগ্ৰহেৰে পদুলিমুখলৈ বাট চাই থকা পাঠকৰ হাতত তুলি দিয়ে বাতৰি কাকতখন।

দৈনিক পোন্ধৰ-বিশ কিলোমিটাৰ চাইকেল চলাই ঘৰে ঘৰে বাতৰিকাকত বিলাই দুপইচা উপাৰ্জন কৰি আৰ্থিকভাৱে দুৰ্বল পিতৃ-মাতৃক সকাহ দিবলৈ অহৰহ জীৱন যুদ্ধ চলাই আহিছে পৰিস্মিতাই‌।

ৰ’দ- বৰষুণ সকলো কাটি কৰিও পৰিস্মিতাই নিজৰ কৰ্তব্য পালন কৰি পাঠকৰ হাতত তুলি দিয়েগৈ কাকতখন।

ইপিনে, পৰিস্মিতা গগৈয়ে ঘৰতেই হাঁহ ,কুকুৰা পুহি নিজকে স্বাৱলম্বী কৰি তলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এগৰাকী যুৱতীৰ এনে যোগাত্মক কৰ্মই আমাৰ যান্ত্ৰিকতাৰ সমাজখনকো উৎসাহিত কৰিব বুলি ক’ব পাৰি।