NORTHEAST NOW (Assamese)
অসম

উজনী অসমৰ কয়লা চিণ্ডিকেটক লৈ সৰৱ দুই সংগঠন; বিজেপিৰ নেতৃত্বত চিণ্ডিকেট চলাৰ অভিযোগ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 22, 2022 2:20 pm
SMSS press meet

কয়লা  চিণ্ডিকেটৰ বিৰুদ্ধে শিৱসাগৰত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় সংগ্ৰামী সেনাই এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেল সম্বোধন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ আৰু জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱাই।

বিজেপিয়ে চিণ্ডিকেট বন্ধ কৰিম বুলি কৈ সমগ্ৰ অসমত চিণ্ডিকেট চলাই আহিছে।

তিনিখন দ্বাৰেদি শিৱসাগৰৰ কয়লাৰ চিণ্ডিকেট চলিছে। নাগিনীমৰা গেলেকী আৰু চুনপোৰাৰ পৰা কয়লাৰ চিণ্ডিকেট চলি আহিছে।

তেওঁলোকে অভিযোগ কৰে যে আৰক্ষী থানাৰ সন্মুখেদি কয়লাৰ চিণ্ডিকেট চলি আহিছে। ২০২১ৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী আৰু এজন মন্ত্ৰীৰ ছত্ৰছায়াত চলি আহিছে এই চিণ্ডিকেট। চিণ্ডিকেট ছক্ৰই অবৈধভাৱে পইচা সংগ্ৰহ কৰাৰো অভিযোগ তোলে সংগঠন দুটাই।

লগতে পঢ়ক: বুঢ়াপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকত খুন্দিয়াই দাউ দাউকৈ জ্বলিল হুণ্ডাই ভেনো, নিহত ১

এটা গুণ্ডাবাহিনীয়ে সকলো কয়লাৰ গাড়ীৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰে সংগঠন দুটাই।শিৱসাগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সকিয়নী সংগঠন দুটাৰ।

নাগালেণ্ডত খনন হোৱাৰ কয়লা অসমত সোমোৱা প্ৰতি খন ট্ৰাকৰ পৰা ১৫০০টকা সংগ্ৰহ কৰি তাৰে ১০০০টকা শিৱসাগৰ জিলা প্ৰশাসনক মেনেজৰ নামত সংগ্ৰহ কৰাৰ অভিযোগ অনা হৈছে।

তেওঁলোকে দাবী কৰে যে ডেৰ কোটি টকা প্ৰতি মাহে সংগ্ৰহ কৰা হয় নাগিনীমৰা গেটত। চূনপোৰা কয়লাৰ ডিপুৰ পৰা চিণ্ডিকেট চক্ৰই প্ৰতিখন কয়লা কঢ়িওৱা ট্ৰাকৰ পৰা দহ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰা হয়।

লগতে পঢ়ক: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগ

সমগ্ৰ চিণ্ডিকেট চক্ৰত বিজেপিৰ বৰমুৰীয়া বিজেপিৰ জিলা পৰ্য্যায়ৰ নেতা জড়িত থকা অভিযোগকৰি সংগঠন দুটাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লাৰ চিণ্ডিকেট কেন্দ্ৰীভূত কৰি ডাঙৰ গুণ্ডাৰ সৃষ্টি কৰিছে।

অনাগত সময়ত সংগঠনটোৱে চিণ্ডিকেটৰ লগত জড়িত সকলো ব্যক্তিৰ নাম তথ্যসহকাৰে উন্মোচিত কৰিব বুলিও জানিবলৈ দিয়ে।