NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক: নাছাৰ ছ’লাৰ প্ৰব যানে স্পৰ্শ কৰিলে সূৰ্যৰ ক’ৰ’না অংশক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 15, 2021 5:16 pm

বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাস ঘটিল এক ঐতিহাসিক ঘটনা।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই সূৰ্যৰ গৱেষণাৰ অৰ্থে মহাকাশলৈ প্ৰেৰণ কৰা পাৰ্কাৰ ছলাৰ প্ৰব যান খনে সূৰ্যৰ ক’ৰ’না অংশত স্পৰ্শ কৰাৰ ঘটনাই আনন্দিত কৰি তুলিছে বিজ্ঞানীসকলক।

প্ৰায় ২ নিযুত ডিগ্ৰী ফাৰেইনহাইট উষ্ণতাৰ ক’ৰ’না অংশত স্পৰ্শ কৰাৰ জৰিয়তে যান খনে সূৰ্যৰ বিষয়ে বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

নাছাৰ যান খনে সূৰ্যৰ অত্যধিক তাপো সহ্য কৰিব পাৰে।

নাছাৰ যান খনে ২৮ এপ্ৰিলৰ দিনাই সূৰ্যৰ ক’ৰ’না অংশৰ ওপৰেৰে উৰি গৈছিল।

সূৰ্যৰ গেছীয় আৱৰণৰ বিষয়ে নাছাৰ যান খনে গৱেষণা চলাই তথ্য প্ৰেৰণ কৰি আহিছে।

সূৰ্যত সৃষ্টি হোৱা সৌৰ ধুমুহা যান খনে বহু নতুন তথ্যৰ সন্ধান দিবলৈ আৰম্ভ কৰিছে।