NORTHEAST NOW (Assamese)
অৰুণাচল

নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পটক ২০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

Posted by: এন ই নাও নিউজ, ইটানগৰ Updated by: এন ই নাও নিউজ, ইটানগৰ December 17, 2021 12:32 pm
WhatsApp Image 2021-12-17 at 12.08.23 PM

এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এজন লোকক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এখন বিশেষ আদালতে এই শাস্তিৰ ৰায় প্ৰদান কৰিছে।

আদালতে POCSO আইনৰ ৬নং ধাৰাৰ অধীনত অনিল চাকমা নামৰ লোকজনক অভিযুক্ত কৰিছে।

যোৱা বছৰৰ জুলাই মাহত চাকমা এগৰাকী ৯ বছৰীয়া ছোৱালীক বিস্কুট কিনিবলৈ দোকানলৈ যোৱাৰ সময়ত যৌন নিৰ্যাতন চলাইছিল।

Also Read: যোৰহাটৰ পৰা নাগালেণ্ডলৈ চোৰাংভাবে সৰবৰাহ কৰা ২৪টা কুকুৰ উদ্ধাৰ অসম আৰক্ষীৰ

নিচাযুক্ত অৱস্থাত থকা অভিযুক্ত ব্যক্তিজনে নাবালিকাগৰাকীক ওচৰৰে বাঁহনিৰ মাজলৈ লৈ গৈ তাইক যৌন নিৰ্যাতন চলাইছিল।

কোনো প্ৰত্যক্ষদৰ্শীয়ে ঘটনাটো নাবালিকাগৰাকীৰ মাতৃক জনাইছিল আৰু তেওঁ ডাইয়ুন আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীয়ে পলাতক চাকমাৰ বিৰুদ্ধে অভিযান চলাই অৱশেষত তেওঁক আটক কৰিছিল।