NORTHEAST NOW (Assamese)
Popular Stories

এই খন দেশত ১১ দিনৰ বাবে নিষিদ্ধ হঁহা, মদ খোৱা আৰু বজাৰ কৰা, অন্যথা গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 17, 2021 6:25 pm

এদিন নহয়, দুদিন নহয় সম্পূৰ্ণ ১১ দিনৰ বাবে এই খন দেশত হাঁহিব নোৱাৰিব কোনো লোকে।

কেৱল সেয়াই নহয় ১১ দিনৰ বাবে কোনো লোকে মদ্যপান অথবা বজাৰো কৰিব নোৱাৰিব।

চৰকাৰৰ এই নিৰ্দেশ অৱজ্ঞা কৰাৰ লোকক গ্ৰেপ্তাৰ কৰি নিক্ষেপ কৰা হ’ব পোতাশাললৈ।

এনে অদ্ভুত নিৰ্দেশনা জাৰি কৰা দেশ খন হৈছে উত্তৰ কোৰিয়া।

উত্তৰ কোৰিয়াৰ শাসক কিম জং আনে জাৰি কৰিছে এই নিষেধাজ্ঞা।

উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং দ্বিতীয়ৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষ্যে বৰ্তমানৰ শাসক কিম জঙে এই নিষেধাজ্ঞা জাৰি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ১১ দিন ধৰি উত্তৰ কোৰিয়াৰ বাসিন্দাসকল প্ৰয়াত নেতা জনৰ প্ৰতি সন্মান জনাই নাহাঁহিবলৈ , বজাৰ নকৰিবলৈ আৰু মদ্যপান নকৰিবলৈ সকিয়াই দিয়া হৈছে।

ৰেডিঅ’ ফ্ৰি এছিয়াত সম্প্ৰচাৰ হোৱা বাতৰি অনুসৰি এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলক গ্ৰেপ্তাৰ কৰা হ’ব।

উল্লেখ্য প্ৰতি বছৰে উত্তৰ কোৰিয়াৰ প্ৰয়াত শাসক কিম জং দ্বিতীয়ৰ মৃত্যু বাৰ্ষিকীৰ সময়ত এনে ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হয়।

বিগত বৰ্ষত এনে নিষেধাজ্ঞা উলাই কৰাৰ বাবে বহু লোকক গ্ৰেপ্তাৰ কৰি দেশ খনৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।