NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত বৃদ্ধি পাইছে অ’মিক্ৰণৰ সংক্ৰমণ; হ্ৰাস পাইছে কৰ’নাৰ সক্ৰিয় ৰোগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 10:58 am
Covid-test-vaccination-750x375

Covid-19 Update দেশত অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পাই অহাৰ বিপৰীতে কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা নিম্নগামী হৈছে।

দেশত অ’মিক্ৰণত ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা ১২৬জনলৈ বৃদ্ধি পাইছে। কেৰালাত নতুনকৈ বৃদ্ধি পাইছে অ’মিক্ৰণৰ সংক্ৰমণ।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭ হাজাৰ ৮১জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৬৪ জন লোকৰ মৃত্যু হৈছে।

Also Read: প্ৰথম ভাৰতীয় হিচাপে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কিডাম্বি শ্ৰীকান্তৰ

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭ হাজাৰ ৪২২জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ৪৬৯ জন লোক সুস্থতাৰ হাৰ ৯৮.৩৮ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৯৪০জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৮ হাজাৰ ৯১৩জন। এয়া বিগত ৫৭০ দিন ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগীৰ সংখ্যা  

Also Read: আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়োগ; শোকস্তব্ধ আত্মীয়-অনুৰাগী

বৰ্তমানলৈ দেশত ১৩ কোটি ৪৬ লাখ ১৩হাজাৰ ২৫২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৬লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে বিগত ২৪ গন্টাত দেশত মুঠ ১২লাখ ১১ হাজাৰ ৯৭৭জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।

Also Read: লেখাপানীত ভয়াবহ পথ দুৰ্ঘটনাত দুই কয়লা শ্ৰমিক নিহত; আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ!

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।