NORTHEAST NOW (Assamese)
অসম

মৰিয়নিত পদ্মশ্ৰী দুলাল মানকি সম্বৰ্দ্ধিত; ঝুমুৰৰ তালে তালে নৃত্য বিধায়ক ৰূপজ্যোতিৰ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক December 20, 2021 12:13 pm
Dulal-Rupjyoti

মৰিয়নিৰ অন্যতম বেচৰকাৰী সংস্থা ‘কৰ্মা’ এন, জি, অ’ৰ উদ্যোগত গুৰু, ঝুমুৰ সম্ৰাট পদ্মশ্ৰী দুলাল মানকিক দেওবাৰে বিশাল সম্বৰ্দ্ধনা জনোৱা হয়।

ভাৰত চৰকাৰে যোৱা ৯ নৱেম্বৰ তাৰিখে এই লোকশিল্পী গৰাকীক সন্মানীয় পদ্মশ্ৰী উপাধি প্ৰদান কৰে।

মৰিয়নিৰ কঠালগুৰি চাহ বাগিছাত অনুষ্ঠিত এই সম্বৰ্দ্ধনা অনুস্থানত মৰিয়নিৰ বিধায়ক ৰূপজ্যতি কুৰ্মীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: দালুৱাবাৰীত খাম চিফুঙৰ তালে তালে কঁকাল ভাঙিছে বড়ো চিখলাই; লক্ষ্য ‘বড়ো বাৰ দ’ল’

সম্বৰ্দ্ধনা গ্ৰহণ কৰি শিল্পী গৰাকীয়ে তেওঁৰ কেইবাটাও জনপ্ৰিয় ঝুমুৰ পৰিবেশন কৰে আৰু ঝুমুৰৰ তালে তালে উপস্থিত ৰাইজৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও নৃত্য পৰিবেশন কৰে l