NORTHEAST NOW (Assamese)
অসম

কৰ্মচাৰীৰ অভাৱত হাৰাশাস্তি গ্ৰাহকৰ; অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলাৱস্থা

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ December 21, 2021 12:03 pm
Bamundi AGVB customers suffers

অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলৱস্থাৰ সৃষ্টি হৈছে। বিষয়া-কৰ্মচাৰীৰ অভাৱত হাহাকাৰ অৱস্থা সাধাৰণ গ্ৰাহকৰ।

প্ৰায় ১৫ হাজাৰ ৰাইজ সামৰি জনবহুল গাঁওখনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা হোৱা একমাত্ৰ বেংকটোত বৰ্তমান দুজন কৰ্মচাৰীহে আছে।

তদুপৰি, মাত্ৰ এটা কম্পিউটাৰেৰে কাম চলাই থকাত গ্ৰাহকসকলে জ্বলাকলা খাব লগা হৈছে।

কোনো গ্ৰাহকৰ অতি জৰুৰী কামত লেনদেন কৰিবলৈ হ’লেও ৰাতিপুৱাৰ পৰা শাৰী পাতি ৰৈ থাকিও লেনদেন কৰিব নোৱাৰে ৷

Also Read: ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

নিতৌ শ শ গ্ৰাহকে আৰ্থিক লেন-দেনৰ উপৰি পাছবুক সম্পৰ্কীয় কামত শাখাটোলৈ আহি বেংকৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাকৈ খঙে ক্ষোভে উভতিবলগীয়া হয়।

বৃহত্তৰ বামুন্দী অঞ্চলৰ একমাত্ৰ বেংকটোত গ্ৰাহক অনুপাতে দুজন কৰ্মচাৰীয়ে গ্ৰাহকৰ চাহিদা পূৰণত চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰাত বেংকটোত দুৰ্ভোগ ভুগিব লগা হৈছে গ্ৰাহকসকল।

অতিশীঘ্ৰে বেংকটোত উপযুক্ত ব্যৱস্থা তথা কৰ্মচাৰী নিয়োগ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকে।