NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূৰ্বাঞ্চল আহি পালে অমিক্ৰন,মণিপুৰত চিনাক্ত প্ৰথমগৰাকী ৰোগী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 27, 2021 8:01 pm
covid_571_855

২০২০ চনত উত্তৰ-পূৰ্বাঞ্চলত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হৈছিল মণিপুৰতেই।

সেয়া আছিল ২০২০ চনৰ মাৰ্চ মাহৰ কথা।

২০২০ চনৰ মাৰ্চ মাহত মণিপুৰত ব্ৰিটেইনৰ পৰা উভতি অহা এগৰাকী মহিলা প্ৰথমবাৰৰ বাবে কোভিডত আক্ৰান্ত হৈছিল।

মহিলাগৰাকীৰ কেতবোৰ ভিডিঅ’ই সেই সময়ত ত্ৰাসৰ সৃষ্টি কৰিছিল।

কিন্তু সময়ত সেইবোৰ ভুৱা ভিডিঅ’ বুলি প্ৰমাণ হৈছিল।যিকি নহওঁক এইবাৰ কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনত আক্ৰান্ত ৰোগীও হৈছে মণিপুৰৰেই।

ৰাজ্য খনত আজি চিনাক্ত হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অমিক্ৰন আক্ৰান্ত ৰোগী।

জানিব পৰা মতে অমিক্ৰনত আক্ৰান্ত ৰোগীগৰাকীক ইম্ফলৰ পৰম্পেটত থকা জৱহৰলাল নেহৰু ইনষ্টিটিউট অব মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছে।

অমিক্ৰনত আক্ৰান্ত লোকজনৰ বয়স ৪৮ বছৰ আৰু তেওঁ কিছুদিন পূৰ্বে তাঞ্জানিয়াৰ পৰা আহিছিল।

সোমবাৰে তেওঁ অমিক্ৰনত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।

মণিপুৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক খৈৰম ছছবিকুমাৰে প্ৰকাশ কৰা মতে অমিক্ৰনত আক্ৰান্ত লোক জনৰ পৰিয়ালৰ আন তিনি জন লোকো কোভিডত আক্ৰান্ত হৈছে।

তেওঁলোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই। আজি দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৪৭৮ গৰাকী হৈছে।

কেন্দ্ৰই ১ জানুৱাৰীৰ পৰা শিশুৰ বাবে ভেকচিন প্ৰদানৰ পঞ্জীয়ন আৰম্ভ কৰিব কোঃউইন এপৰ জৰিয়তে।