NORTHEAST NOW (Assamese)
অসম

আধাৰ কাৰ্ডৰ নামত জালিয়াতি ভুৱা এজেণ্টৰ, ধৃত তিনি যুৱক

Posted by: ৰিদিপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা, কলিয়াবৰ December 29, 2021 9:21 am
Assam

আপোনাৰ আধাৰ কাৰ্ড বনাবলৈ আছে নেকি? তেন্তে ৰ’ব। আধাৰ কাৰ্ড বনাবলৈ হ’লে আপুনি নগদ ধন ১৫০০ টকা জমা কৰিব লাগিব।

হয় আপুনি ঠিকেই শুনিছে, এইখন অসমৰে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাটবাগানত সংঘটিত হৈছে এই ঘটনা।

কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাটবাগানত আধাৰ কাৰ্ডৰ নামত ব্যাপক ধনৰ লেনদেনৰ ঘটনা সংঘটিত হৈছে। এজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নামত পোন্ধৰ শ টকাকৈ সংগ্ৰহ ভুৱা এজেণ্টৰ।

নিশা গোপনে আধাৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ কৰিছিল এই কেইজন লোকে। মঙ্গল বাৰে নিশা কলিয়াবৰৰ হাটবাগানৰ লুটফুৰ ৰহমানৰ ঘৰত এই ধনৰ লেনদেন চলি আছিল।

এক গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি কান্ত সজাতিসহ মিছা আৰক্ষীৰ এটা দল উপস্থিত হৈ লুটফুৰ ৰহমানৰ লগতে মুকতাৰ হুছেইন আৰু কামৰুল ইছলামক আটক কৰে।

নগধ ১১,৮০০ টকা, দুটাকৈ লেপটপ, প্ৰিণ্টাৰ, চাৰিটাকৈ ম’বাইল হেণ্ডচেটৰ লগত আধাৰ কাৰ্ড বনোৱা বিভিন্ন সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।বুধবাৰে ধৃত যুৱক কেইজনক ন্যায়ালয়লৈ প্ৰেৰণ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।