NORTHEAST NOW (Assamese)
অসম

অৱশেষত কিঞ্চিত সকাহ! মিঠাতেলকে ধৰি খোৱা তেলৰ মূল্য লিটাৰত হ্ৰাস পাব ৪০ টকা পৰ্যন্ত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 31, 2021 4:56 pm

দেশৰ প্ৰতিখন ৰাজ্যতে মিঠাতেলকে ধৰি আন খোৱা তেলৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে গ্ৰাহকক জুৰুলা কৰি আহিছে।

কেন্দ্ৰীয় চৰকাৰে মিঠাতেলত সৰিয়হৰ বাদে আন কোনো শস্য অথবা ৰেপচিড মিহলাব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ পিছতে অভাৱনীয় ভাবে বৃদ্ধি পাইছিল মিঠাতেলৰ মূল্য।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মিঠাতেলকে ধৰি আন খোৱা তেলৰ মূল্য লিটাৰত ৩০-৪০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সচিব সুধাংশু পাণ্ডেই কয় যে খোৱা তেলৰ মূল্য ৩০ ৰ পৰা ৪০ টকা হ্ৰাস কৰা হৈছে।

মন কৰিবলগীয়া যে বিশ্বব্যাপী মূল্য বৃদ্ধিৰ মাজতে দেশত চৰকাৰৰ হস্তক্ষেপৰ পিছত খোৱা তেলৰ মূল্য হ্ৰাস কিছু পাইছে । ৰবি শস্যৰ বতৰত  সৰিয়হৰ প্ৰচুৰ উৎপাদনৰ ফলত মূল্য আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

খোৱা তেলৰ ক্ষেত্ৰত সচিবগৰাকীয়ে কয় যে দেশে খোৱা তেলৰ প্ৰায় ৬০ শতাংশ আমদানি কৰিবলগীয়া হোৱা বাবেই ঘৰুৱা মূল্য স্বাভাৱিকতে আন্তঃৰাষ্ট্ৰীয় মূল্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে।

সুধাংশু পাণ্ডেই কয় যে চৰকাৰে খোৱা তেলৰ ক্ষেত্ৰত আমদানি শুল্ক প্ৰায় শূন্যলৈ হ্ৰাস কৰিছে আৰু ইয়াৰ প্ৰভাৱ খুচুৰা মূল্যৰ ওপৰত পৰিব।