NORTHEAST NOW (Assamese)
অসম

মাস্ক অবিহনেই বিমানবন্দৰত কংগনা ৰানাৱট; নেটিজেনৰ ট্ৰোলৰ সন্মুখীন অভিনেত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2022 11:50 am
kangana-ranaut-5

বিদায়ী বৰ্ষৰ অন্তিম দিনটোত মুম্বাই বিমানবন্দৰত পাপাৰাজ্জিৰ কেমেৰাত বন্দী হয় অভিনেত্ৰী কংগনা ৰানাৱট। কিন্তু পুৱাই শাৰী পৰিধান কৰি সাজিকাচি ওলোৱা কংগনাৰ মুখত নাছিল মাস্ক।

মাস্ক অবিহনেই বিমানবন্দৰত প্ৰৱেশ কৰে কংগনাই। অভিনেত্ৰীগৰাকীৰ এনে ছবি দেখাৰ পাছতেই নেটিজেনৰ ট্ৰোলৰ সন্মুখীন হয়।

ছচিয়েল মিডিয়াত কংগনাৰ এই ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে। তাতেই নেটিজেনৰ ট্ৰোলৰ চিকাৰ হৈছে অভিনেত্ৰী কংগনা।

এগৰাকী নেটিজেনে লিখিছে,’’মাস্ক নিপিন্ধাৰ অনুমতি পাইছে কংগনাই?’’ কোনোৱে লিখিছে,’’তেওঁক কোনোবাই সোধক মাস্ক ক’ত?’’

বৰ্তমান কংগনাৰ হাতত একাধিক ছবিৰ কাম আছে। সদ্যহতে তেওঁ ‘তেজস’ৰ শ্বুটিং সমাপ্ত কৰিছে। ছাৰভেশ মেওৰাৰৰ ছবিখনত তেওঁ এগৰাকী ফাইটাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে।

ইয়াৰ উপৰিও ‘ধক্কৰ’ ছবিতো কংগনাক দেখা যাব। ছবিখনত কংগনাই একশ্যন কৰাও দেখা যাব। ইয়াৰ পূৰ্বে তেওঁ ‘মনকৰ্ণিকা’তো একশ্যন কৰা দেখা গৈছিল। কিন্তু এই ছবিৰ একশ্যন হ’ব সম্পূৰ্ণ সুকীয়া।