NORTHEAST NOW (Assamese)
ক্ৰীড়া

ক’ৰণাৰ ভয়াৱহ সংক্ৰমণ: ৰঞ্জী ট্ৰফী স্থগিত ৰাখিলে বিচিচিআইয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2022 7:12 am
Ranji Trophy

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেশত বৰ্ধিত ক’ভিদ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰঞ্জী ট্ৰফী ছিজনৰ আৰম্ভণি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

ভাৰতৰ প্ৰধান ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাখন ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। ব’ৰ্ডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিযোগিতাখন স্থগিত ৰখাৰ কথা অৱগত কৰে।

“ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) মঙলবাৰে দেশত বৰ্ধিত ক’ভিদ-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ বৰ্ষৰ বাবে ৰঞ্জী ট্ৰফী, কৰ্ণেল চি কে নায়ুডু ট্ৰফী আৰু জ্যেষ্ঠ মহিলা টি-২০ লীগ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰঞ্জী ট্ৰফী আৰু কৰ্ণেল চি কে নায়ুডু ট্ৰফী এই মাহত আৰম্ভ হোৱাৰ কথা আছিল আনহাতে ছিনিয়ৰ মহিলা টি-২০ লীগ ফেব্ৰুৱাৰীত আৰম্ভ হোৱাৰ কথা আছিল।” বিচিচিআইৰ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে বিচিচিআইয়ে খেলুৱৈ, সহায়ক কৰ্মচাৰী, মেচ বিষয়া আৰু জড়িত অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব নিবিচাৰে আৰু সেয়েহে পৰৱৰ্তী জাননী নোপোৱালৈকে তিনিখন প্ৰতিযোগিতা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

বিচিচিআইয়ে পৰিস্থিতিৰ মূল্যাঙ্কন অব্যাহত ৰাখিব আৰু সেই অনুসৰি প্ৰতিযোগিতাৰ আৰম্ভণিৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব।

ৰঞ্জী চিজনত প্ৰথম ৰাউণ্ড ১৩ জানুৱাৰীৰ পৰা কলকাতা, বাংগালোৰকে ধৰি ছয়খন চহৰত আৰম্ভ হোৱাৰ কথা আছিল।

উল্লেখ্য যি শেহতীয়াকৈ বংগ দলৰ পাঁচজন খেলুৱৈসহ ছয়জনৰ শৰীৰত ক’ভিদৰ উপস্থিতি ধৰা পৰিছে। আনহাতে মুম্বাইৰ খেলুৱৈ শিৱম ডুবেও ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছত আইচ’লেশ্যনত আছে।