NORTHEAST NOW (Assamese)
দেশ

অৱশেষত জামিন মঞ্জুৰ: পাত্ৰ চাওল কেলেংকাৰীৰ গোচৰত জামিন পালে সঞ্জয় ৰাউটে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 9, 2022 10:13 pm
sanjay raut

পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত তিনি মাহতকৈও অধিক কাল কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত আজি জামিন লাভ কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে।

আজি ৰাউটৰ লগতে তেওঁৰ সহায়ক আৰু মুখ্য অভিযুক্ত প্ৰবীণ ৰাউটকো মুম্বাইৰ এখন বিশেষ আদালতে জামিন প্ৰদান কৰিছে।

উল্লেখ্য যে যোৱা ১ আগষ্টত ১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত ছয় ঘণ্টাতকৈও অধিক জেৰাৰ পিছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে শিৱসেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

কিছুদিন পূৰ্বে আদালতে তেওঁৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ পিছত সঞ্জয় ৰাউট বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।

শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ এজন জ্যেষ্ঠ নেতা ৰাউটে তেওঁৰ জামিন আবেদনত ক্ষমতাৰ অপব্যৱহাৰ আৰু ৰাজনৈতিক প্ৰতিহিংসাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই গোচৰ আৰোপ কৰা হৈছে বুলি অভিযোগ কৰিছিল।

ইডিয়ে ৰাউটৰ আবেদনৰ বিৰোধিতা কৰি তেওঁ পাত্ৰ চাওল কেলেংকাৰীত মুখ্য ভূমিকা পালন কৰিছিল বুলি দাবী কৰিছিল।

পাত্ৰ চাওল ভূমি সম্পৰ্কীয় বিত্তীয় অনিয়মৰ গোচৰত সঞ্জয় ৰাউটৰ পত্নীৰ লগতে তেওঁৰ কিছু সহযোগীৰ বিৰুদ্ধেও এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল।