NORTHEAST NOW (Assamese)
দেশ

ভাৰতত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত নতুন নিয়ম, ৭ দিনৰ বাধ্যতামূলক হোম কোৱাৰাণ্টাইন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2022 5:28 pm
New rules for International arrivals

দেশত বৰ্দ্ধিত ক’ভিদ তথা অ’মিক্ৰণ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্ত:ৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে দেশত প্ৰৱৰ্তন কৰা হৈছে নতুন নিয়ম।

বিদেশৰ পৰা ভাৰতত অৱতৰণ কৰা যাত্ৰী সকলে এসপ্তাহৰ বাবে হোম কোৱাৰাণ্টাইনত থাকিব লাগিব আৰু অষ্টম দিনা ক’ভিদ পৰীক্ষা কৰিব লাগিব। এই নতুন নিয়ম অহা মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব।

লগতে বিপদসংকূল দেশৰ সংখ্যা ১৯ খনলৈ বৃদ্ধি কৰা হৈছে। বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা নখন দেশক এই তালিকাত যোগ কৰা হৈছে।

আন্ত: ৰাষ্ট্ৰীয় যাত্ৰীসকলে সাত দিনৰ বাবে হোম কোৱাৰাণ্টাইনত থাকিব লাগিব আৰু তাৰ পিছত আৰটি-পিচিআৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। যদি তেওঁলোকৰ ক’ভিদ পজিটিভ ধৰা পৰে, তেওঁলোকক আইচ’লেশ্যনলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁলোকৰ নমুনা জিনম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।

বিপদসংকূল তালিকাত নথকা দেশবোৰৰ বিমানৰ ক্ষেত্ৰত দুই শতাংশ যাত্ৰীক আগমনৰ পিছত পৰীক্ষা কৰা হ’ব।

আনহাতে স্ক্ৰীণিংৰ সময়ত ক’ভিদৰ লক্ষণ পোৱা যাত্ৰীসকলক আইচ’লেশ্যন কৰা হ’ব আৰু চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হ’ব।

দেশত দৈনিক ক’ৰণা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ১ লাখৰ সীমা অতিক্ৰম কৰিছিল। তদুপৰি অ’মিক্ৰণত আক্ৰান্তৰ হাৰো ক্ৰমাৎ উৰ্দ্ধগামী হৈছে।

এনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে বিবৃতিটোত উল্লেখ কৰা হৈছে।