NORTHEAST NOW (Assamese)
দেশ

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2026 9:21 pm

যোৱা বছৰ জম্মু-কাশ্মীৰৰ পহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা ‘অপাৰেচন সিন্দুৰ’ক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই সামৰিক অভিযানত কোনো ভাৰতীয় জোৱান ছহিদ হোৱা নাছিল বুলি লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিয়া মন্তব্যৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে বিৰোধী। প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে সংসদত মিছা তথ্য দি বিভ্ৰান্ত কৰাৰ অভিযোগ তুলি পোনপটীয়াকৈ স্বাধিকাৰ ভংগৰ জাননী দিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ কে চি বেণুগোপালে।

মঙলবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰা এখন চিঠিত বেণুগোপালে লোকসভাৰ কাৰ্যবিধিৰ ২২৩ নম্বৰ ধাৰা অনুসৰি ৰাজনাথ সিঙৰ বিৰুদ্ধে স্বাধিকাৰ ভংগৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। কংগ্ৰেছ নেতাগৰাকীৰ দাবী যে যোৱা বছৰ ২৮ জুলাইত লোকসভাত পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ প্ৰত্যুত্তৰত আৰম্ভ হোৱা অপাৰেচন সিন্দুৰক লৈ আলোচনাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছিল যে এই অভিযানত ভাৰতীয় বাহিনীৰ কোনো ক্ষতি হোৱা নাই বা কোনো ছহিদ হোৱা নাই। কিন্তু শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে যে অপাৰেচন সিন্দুৰ চলাৰ সময়ত সশস্ত্ৰ বাহিনীৰ ৬ জন বীৰ জোৱান ছহিদ হৈছিল।

অধ্যক্ষলৈ দিয়া চিঠিত বেণুগোপালে লিখিছে যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংসদত থিয় দি কৈছিল অপাৰেচন সিন্দুৰত কোনো জোৱান ছহিদ হোৱা নাই, যিটো সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ আছিল। এজন মন্ত্ৰীয়ে সংসদত থিয় দি ভুল তথ্য দিয়াটো বা সত্য লুকুওৱাটো আচলতে সংসদৰ অৱমাননা আৰু স্বাধিকাৰ ভংগৰ সমকক্ষ। সেয়েহে প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে অতি সোনকালে স্বাধিকাৰ ভংগৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হওক। এই বিষয়টোক লৈ এক্স হেণ্ডেলতো মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে বেণুগোপালে। তেওঁৰ অভিযোগ, ৰাজনাথ সিঙে ভাৰতৰ জনসাধাৰণৰ আগত স্পষ্টকসংসদত অপাৰেচন সিন্দুৰক লৈ মিছা মাতিছে প্ৰতিৰক্ষা মন্ত্ৰীয়ে! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ জাননী

যোৱা বছৰ জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা অপাৰেচন সিন্দুৰক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সামৰিক অভিযানত কোনো ভাৰতীয় সেনা ছহিদ হোৱা নাছিল বুলি লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিয়া বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংসদত মিছা তথ্য দি বিভ্ৰান্ত কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে স্বাধিকাৰ ভংগৰ জাননী দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ কে চি বেণুগোপালে।

মঙলবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰা এখন চিঠিত বেণুগোপালে লোকসভাৰ কাৰ্যবিধিৰ ২২৩ নম্বৰ ধাৰা অনুসৰি ৰাজনাথ সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। কংগ্ৰেছ নেতাগৰাকীৰ দাবী যে, যোৱা বছৰৰ ২৮ জুলাইত লোকসভাত পহেলগাম আক্ৰমণ আৰু তাৰ প্ৰত্যুত্তৰত আৰম্ভ হোৱা অপাৰেচন সিন্দুৰক লৈ আলোচনা চলি থকাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছিল যে এই অভিযানত ভাৰতীয় সেনাৰ কোনো ক্ষতি হোৱা নাই বা কোনো ছহিদ হোৱা নাই। কিন্তু শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে অপাৰেচন সিন্দুৰ চলাৰ সময়ত সশস্ত্ৰ বাহিনীৰ ৬ জন বীৰ জোৱান ছহিদ হৈছিল।

অধ্যক্ষলৈ দিয়া চিঠিত বেণুগোপালে লিখিছে যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংসদত দিয়া বক্তব্য সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ আছিল। এজন মন্ত্ৰীয়ে সংসদত থিয় হৈ মিছা তথ্য দিয়াটো বা সত্য লুকুৱাই ৰখাটো আচলতে সংসদৰ অৱমাননা। সেয়েহে তেওঁৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা ল’বলৈ দাবী জনোৱা হৈছে। ছচিয়েল মিডিয়া এক্সতো মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি তেওঁ কয় যে ৰাজনাথ সিঙে দেশবাসীৰ আগত ডাহা মিছা কথা কৈছে। তেওঁ প্ৰশ্ন কৰে যে যোৱা বছৰ মন্ত্ৰীগৰাকীয়ে কেনেকৈ ক’লে যে কোনো জোৱান ছহিদ হোৱা নাই, আৰু এতিয়া এবছৰৰ পাছত সেনাই জনাইছে যে আমি ৬ জন জোৱানক হেৰুৱাইছো। দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই বীৰ ছহিদসকলৰ কথা দেশবাসীক নজনোৱাটো সেই পৰিয়ালকেইটা আৰু সমগ্ৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি এক চৰম অপমান।

শেহতীয়াকৈ দিল্লীৰ নেশ্যনেল ৱাৰ মেম’ৰিয়েলৰ দেৱালত অপাৰেচন সিন্দুৰত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ ৫ জন আৰু বায়ু সেনাৰ ১ জন, সৰ্বমুঠ ৬ জন বীৰ ছহিদৰ নাম খোদিত কৰা হৈছে। ২০২৫ চনৰ মে’ মাহত এই অভিযান আৰম্ভ হোৱাৰ পাছত এই প্ৰথমবাৰৰ বাবে চৰকাৰে আনুষ্ঠানিকভাৱে এই ৬ জন ছহিদৰ নাম ৰাজহুৱা কৰিছে। এই বিতৰ্কৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰালয়েও নিজৰ স্পষ্টীকৰণ দিছে। তেওঁলোকে কয় যে প্ৰথম সুযোগতেই দেশে এই বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ ত্যাগক সৰ্বোচ্চ সন্মান জনোৱা হ’ব। মন্ত্ৰালয়ৰ দাবী যে ছচিয়েল মিডিয়াত একাংশ লোকে যোৱা বছৰৰ ২৮ জুলাইত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দিয়া বক্তব্যৰ এটা নিৰ্দিষ্ট অংশ কাটি লৈ ভুল উদ্দেশ্যৰে প্ৰচাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে জোৱানৰ মৃত্যুৰ খবৰ অস্বীকাৰ কৰা বুলি কৰা দাবীটো সম্পূৰ্ণ ভিত্তিহীন বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহেলগামত পৰ্যটকৰ ওপৰত পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে এক ভয়ংকৰ আক্ৰমণ চলাইছিল, য’ত ২৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল। সেই নৃশংস আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা আৰু বায়ু সেনাই একেলগে অপাৰেচন সিন্দুৰ আৰম্ভ কৰি সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিছিল। এতিয়া সেই সামৰিক অভিযানৰ ছহিদসকলক লৈয়ে কংগ্ৰেছ আৰু বিজেপিৰ মাজত নতুনকৈ সংঘাতৰ সৃষ্টি হৈছে।