NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ গীতানগৰত ভয়ংকৰ অগ্নিকাণ্ড, বিস্তৰ ক্ষতিৰ আশংকা

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী January 7, 2022 5:52 pm

মহানগৰীৰ গীতানগৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

শুক্ৰবাৰে মহানগৰীৰ খেলপথাৰৰ বিপৰীতে ইণ্ডিয়ান টি এছ’চিয়েচনৰ সমীপৰ উড ৱৰ্কছ নামৰ ফাৰ্ণিচাৰৰ দোকানখনত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

ইতিমধ্যে দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়েও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই। অহৰহ চেষ্টা কৰি থকাৰ পাছতো জুই নিয়ন্ত্ৰণলৈ অহা নাই।

কিমান টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ বাবে ৱান ৱেৰ ব্যৱস্থা কৰি দিয়া হৈছে , ফলত যান-যঁটৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
৪.৪৫মিনিটত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।