NORTHEAST NOW (Assamese)
অসম

টীয়কত ফকলেণ্ড চুৰ কৰা অৱস্থাত চাৰিজনক আৰক্ষীক গতালে স্থানীয় যুৱকে

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক January 8, 2022 7:04 am
Forkland

টীয়কৰ চাৰিলেণ্ড যুক্ত পথত ব্যৱহাৰ কৰা এখন ফ’কলেণ্ড চুৰ কৰাৰ সন্দেহত গাড়ী সহ চাৰিজন ব্যক্তিক স্থানীয় যুৱকে আৰক্ষীক গতাই দিয়ে।

UK 11 AC O7O8 নম্বৰৰ এখন টেইলৰত GDCL নামৰ কোম্পানীৰ কেম্পৰ পৰা নিশা অমূল্য গগৈ নামৰ যুৱকজনৰ নেতৃত্বত অহা এটি দলে এখন ফকলেণ্ড টেইলৰত উঠোৱা অৱস্থাত স্থানীয় যুৱকে দেখা পায়।

স্থানীয় যুৱক সকলক GDCL নামৰ কোম্পানীটোৱে চাৰিলেনযুক্ত পথত কাম কৰা বাবদ প্ৰায় তিনি কোটি টকা দিবলৈ আছে।

কোম্পানীটোৱে স্থানীয় যুৱকসকলৰ লগত যেতিয়ালৈ পাবলগীয়া টকা পৰিশোধ নকৰে তেতিয়ালৈকে কেম্পৰ পৰা কোনো বস্তু নিনিয়াৰ এক চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল।

কিন্তু নিশা এইদৰে ফকলেণ্ড নিয়া গম পাই স্থানীয় যুৱকে গাড়ীসহ ফকলেণ্ডখন আৰক্ষীক গতাই দিয়ে।

আৰক্ষীৰ আগত অমূল্য গগৈ নামৰ যুৱকজনে অৰিন্দম শৰ্মা নামৰ এজন যুৱকে নিবলৈ পঠিওৱাৰ কথা স্বীকাৰ কৰিছে।