NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ ঘাটত অচিনাক্ত মৃতদেহৰ লগত উদ্ধাৰ হোৱা ১৯ জাঁই গুলীক লৈ চাঞ্চল্য

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ January 8, 2022 12:30 pm
Biswanath deadbody recovered

বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ উমাতুমনি দ্বীপৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে এজন অচিনাক্ত লোকৰ মৃতদেহ।

পলিথিনৰে বান্ধি ৰখা অৱস্থাত বন বিভাগে প্ৰত্যক্ষ কৰাৰ পিছত বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

মৃতদেহটো এটা পলিথিনৰে বান্ধি ৰখা অবস্থাত উদ্ধাৰ কৰে নদী আৰক্ষীয়ে।

মৃতদেহৰ লগত ১৯ জাঁই গুলী সহ এটা মেগজিন আৰু এখন খুকুৰীৰ লগতে পাঁচটা বেগ, পাঁচটা মবাইল সহ বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা মৃতদেহটোৰপৰিচয় সম্পৰ্কে এতিয়া পৰ্যন্ত একো জানিব পৰা নাই নদী আৰক্ষীয়ে ।

উদ্ধাৰ হোৱা লোকজনৰ লগত পোৱা সামগ্ৰী সমূহৰ ভিত্তিত মৃত লোকজন চোৰাং চিকাৰৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

মৃতদেহটোৰ লগত উদ্ধাৰ হোৱা সামগ্ৰীকলৈ এতিয়া সমগ্ৰ বিশ্বনাথ ঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে।

পৰৱৰ্তী সময়ত ব্যক্তিজনৰ পৰিচয় সন্দৰ্ভত আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।