NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ডৰ দুই প্ৰতিদ্বন্দ্বী দল য়ুপিপিএল আৰু বিপিএফৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2021 8:46 am
Untitled-1sdfsdfsdf-770x578

বিটিআৰৰ দুই প্ৰতিদ্বন্দ্বী ৰাজনৈতিক শক্তি ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেল(য়ুপিপিএল) আৰু বড়োলেণ্ড পিপলছ পাৰ্টি(বিপিএফ)এ তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

মংগলাবাৰে বিটিআৰ শাসকীয় তথা বিজেপিৰ মিত্ৰ দল য়ুপিপিএলে দলটোৰ ৮ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰকাশিত তালিকা অনুসৰি দলটোৱে কোকৰাঝাৰ পশ্চিম(জনজাতি)ত মনোৰঞ্জন ব্ৰহ্ম, কোকৰাঝাৰ পূৱ(জনজাতি)ত এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্জ ইছলাৰী আৰু গোসাইগাঁৱত সোমনাথ নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

ইফালে ছিদলি(জনজাতি)ত জয়ন্ত বসুমতাৰী, বিজনীত ফণীন বড়োৱে প্ৰাৰ্থীত্ব লাভ কৰিছে।

তামুলপুৰত লেহু বড়ো, বৰমা(জনজাতি)ত ভূপেন বড়ো আৰু চাপাগুৰি(জনজাতি)ত উৰ্খাও গৌৰা ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে য়ুপিপিএলে।

আনহাতে বিপিএফ দলেও তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮ জনীয়া এখন প্ৰাৰ্থী তালিকা মংগলবাৰে প্ৰকাশ কৰিছে।

প্ৰকাশিত তালিকা অনুসৰি কোকৰাঝাৰ পশ্চিম(জনজাতি)ত ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ পূৱ(জনজাতি)ত প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু গোসাইগাঁৱত মজেন্দ্ৰ নাথ নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

তামুলপুৰত ৰঞ্জা খংগুৰ বসুমতাৰী, বৰমা(জনজাতি)ত প্ৰবীণ বড়ো আৰু চাপাগুৰি(জনজাতি)ত হিতেশ বসুমতাৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে।

মন্ত্ৰী চন্দন ব্ৰহ্মই ছিদলিত আৰু বিজনীত কমলছিং নাৰ্জাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।