NORTHEAST NOW (Assamese)
অসম

স্বামীক সকলো কথা কোৱা উচিত? সুখী বৈবাহিক জীৱনৰ বাবে চাণক্যই কি উপদেশ দিছে নাৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2025 7:30 am

কম বেছি পৰিমাণে সকলোৱে কয় যে পতি-পত্নীৰ মাজত কোনো গোপনীয়তা থাকিব নালাগে। কিন্তু আচাৰ্য চাণক্যই কৈছে যে পত্নীয়ে স্বামীক কেইবাটাও কথা ক’ব নালাগে। পত্নীয়ে স্বামীক কোনবোৰ কথা কোৱা উচিত নহয় জানো আহক।

চাণক্যৰ মতে স্বামীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও পত্নীয়ে কেতিয়াও কিছুমান  ক’ব নালাগে, যেনে- অতীতৰ সম্পৰ্ক, নিজৰ দুৰ্বলতা, আৰ্থিক অভাৱ, শহুৰ ঘৰৰ সমালোচনা, আৰু নিজৰ ব্যক্তিগত আৰু গোপন বিষয়। এইবোৰ কথাই বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

কি অনুসৰণ কৰিব লাগে?

অতীতৰ সম্পৰ্কঃ আপুনি স্বামীক অতীতৰ প্ৰেম বা সম্পৰ্কৰ বিষয়ে কোৱা উচিত নহয়, কিয়নো ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।

নিজৰ দুৰ্বলতা: আপোনাৰ শাৰীৰিক বা মানসিক দুৰ্বলতাৰ কথা স্বামীক কোৱা উচিত নহয়, কিয়নো ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত দূৰত্বৰ সৃষ্টি হ’ব পাৰে।

আৰ্থিক অক্ষমতা: আপুনি আপোনাৰ আৰ্থিক অক্ষমতাৰ বিষয়ে আপোনাৰ স্বামী বা আন কাৰোবাক কোৱা উচিত নহয়, কিয়নো ই প্ৰায়ে সমস্যাৰ সৃষ্টি কৰে।

শহুৰৰ ঘৰৰ সমালোচনাঃ শহুৰৰ ঘৰৰ সমালোচনা কৰা উচিত নহয়, কিয়নো ইয়াৰ ফলত আপোনাৰ স্বামীৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে।

ব্যক্তিগত আৰু গোপনীয় বিষয়: জীৱনত কিছুমান ব্যক্তিগত আৰু গোপনীয় বিষয় আছে যিবোৰ আপুনি নিজৰ মাজতে ৰাখিব লাগে আৰু কেতিয়াও স্বামীৰ লগত শ্বেয়াৰ কৰিব নালাগে।

খঙৰ ভমকত একো নক’ব। খঙত একো কোৱাটো ঠিক নহয়। চাণক্যই কৈছে যে খঙত কোৱা এটা শব্দই যিকোনো সম্পৰ্ক নষ্ট কৰিব পাৰে। গতিকে যিমানেই খং নুঠক কিয় ভুলতে বেয়া কথা কোৱাটো উচিত নহয়।

এইবোৰ কথা উল্লেখ কৰি চাণক্যই এই কথা বুজাব বিচাৰিছে যে স্বামী-স্ত্ৰী যদিও ইজনে সিজনৰ বন্ধু, তথাপিও কিছুমান বিষয়ত গোপনীয়তা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা সুস্থ আৰু সুন্দৰ সম্পৰ্ক বজাই ৰখাত সহায় হয়।