NORTHEAST NOW (Assamese)
অসম

টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক January 9, 2022 2:52 pm

অহা ২৮ জানুৱাৰীৰ পৰা তিনি দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিৱেশন।

সেই লৈ চিপাহীখোলা গছপুৰীয়াৰ কৰ্মযোগী মুক্ষেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। জিলাখনৰ ১৬ খনকৈ আঞ্চলিকৰ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে।

মহিলাসকলে হৰিনামৰ ধ্বনি তুলি আৰম্ভ কৰিছে পথাৰৰ নৰা কটা পৰ্ব।ইপিনে আজি এক গুৰু গাম্ভীৰ্য আধ্যাত্মিক পৰিবেশত এই অধিবেশনৰ লাইখুটা স্থাপন কৰিলে ভকত বৈষ্ণৱে।

পুৱাই জিলাখনৰ বিভিন্ন প্ৰাথমিকৰ পৰা সদস্যসকল আহি উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যে ক’ভিডৰ ভয়াৱহতাৰ বাবে যোৱা দুৱছৰে অনুষ্ঠিত হোৱা নাই জিলা অধিবেশনৰ লগতে মুল অধিবেশনো।

সেই লৈ সকলোৰে মাজত এইবাৰ দেখিবলৈ পোৱা গৈছে দুগুণ উৎসাহ।ইপিনে লাই খুটা স্থাপন কাৰ্যসূচীৰ পাছতে ভকত বৈষ্ণৱসকলে নামঘৰত এখনি ৰাজহুৱা সভাও অনুস্থিত কৰে।