NORTHEAST NOW (Assamese)
অসম

অসমৰ আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰক: আছা

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ January 14, 2022 3:46 pm

 গুৱাহাটী পল্টনবজাৰস্থিত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সভা কক্ষত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এক জৰুৰী কাৰ্য্যকৰী সভা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিভিন্ন জিলাৰ লগতে ৰেজেন হৰ’ ডেভিদ তিৰ্কী, নোৱাচ বাৰ্লা আদি ভালেকেইজন কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিতিত কেবাটাও দিশত খৰচী মাৰি এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ! এই সভাত আলোচনা মৰ্মে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰথম প্ৰস্তাৱ মৰ্মে আগন্তুক অসম বিধানসভা অধিবেশনৰ আগে আগে অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰাৰ প্ৰক্ৰীয়া সম্পুৰ্ণ কৰিব লাগে !

দ্বিতীয় প্ৰস্তাৱত অসমৰ আদিবাসীসকলক ভুমি পট্টা দিয়া শীঘ্ৰে ব্যৱস্থা কৰিব লাগে লগতে চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে! ইপিনে তৃতীয় প্ৰস্তাৱ মতে

 অসমৰ আদিবাসী সকলক চাহ জনগোষ্ঠী নামাকৰণটো সংশোধন কৰি আদিবাসী চাওঁতাল, মুণ্ডা, ওৰাঁও, গোড়, পৰজা, চাওঁৰা, কিষান, কন্ধ আদি স্পষ্ট জাতীয় পৰিচয়েৰে জাতিৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে! আৰু চতুৰ্থতে
যিবোৰ আদিবাসী অধ্যুষিত গাওঁ আৰু চাহ বাগিচাত বিদ্যালয়, ৰাস্তা পুদুলি, বিজুলী সংযোগ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, অঙ্গনাৱাদী কেন্দ্ৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, কৃষি ব্যৱস্থাপনা হোৱা নাই, অসম চৰকাৰে বিশেষ পদক্ষেপ লৈ তেনে সমস্যাৰ সমাধান কৰিব লাগে বুলি প্ৰস্তাব গ্ৰহণ কৰা হয়।