NORTHEAST NOW (Assamese)
অসম

মদৰ নিচাত থকা ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে কলিয়াবৰৰ অমৰ গৰাইতে

Posted by: ৰিদীপ শৰ্মা April 8, 2018 6:40 pm

কলিয়াবৰৰ মিছা থানা এলেকাৰ ৰৌমাৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এটা ইটাভাটাত শনিবাৰে নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে এন আৰ নামৰ ইটাভাটাটোৰ শ্ৰমিকগৃহত সংঘটিত উক্ত হত্যাকাণ্ডটোত শ্ৰমিক হিচাপে নিয়োজিত টনি গৰাইত নামৰ শ্ৰমিকজনে নিজৰে ভাতৃ অমৰ গৰাইটক নিৰ্মমভাৱে হত্যা কৰে।

উল্লেখযোগ্য যে সুৰাৰ ৰাগিত মতলীয়া টনি গৰাইতে এখন কোৰেৰে অমৰ গৰাইতক উপৰ্যুপৰি প্ৰহাৰ কৰাত লোকজন গুৰুতৰভাৱে আহত হয়। পিছত আহত অমৰক জখলাবন্ধা এফ আৰ ইউত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও নিশালৈ লোকজনে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

কি কাৰণত লোকজনে এই হত্যকাণ্ডটো সংঘটিত কৰিলে তাক এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে মিছা আৰক্ষীয়ে সম্প্ৰতি অভিযুক্ত টনি গৰাইটক নিজৰ জিম্মাত ৰাখি জেৰা চলাই আছে।

আনহাতে স্থানীয় ৰাইজে কৰা অভিযোগ মতে হত্যাকাণ্ড সংঘটিত হোৱা এন আৰ ইটাভাটা কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল।