NORTHEAST NOW (Assamese)
অসম

শিল্পগ্ৰাম মহোৎসৱ ২০২২: কাইলৈৰ পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোকসংগীত-নৃত্যৰ ভাৰ্চুৱেল উৎসৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2022 4:43 pm
Shilpagram Festival

বাৰেৰহনীয়া লোকসংগীত-নৃত্যৰ সাংস্কৃতিক ‌চাৰিদিনীয়া অনুষ্ঠানসূচীৰে আনুষ্ঠানিকভাৱে কাইলৈৰ পৰা অনুষ্ঠিত হ’ব শিল্পগ্ৰাম মহোৎসৱ-২০২২ ৰ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এন.ই.জেড.চি.চি.), ডিমাপুৰৰ উদ্যোগত ১৭-২০ জানুৱাৰীলৈ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত শিল্পগ্ৰাম মহোৎসৱ আয়োজন কৰা হৈছে।

২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰাম‌ৰ ১৭ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱটি এইবাৰ সম্পূৰ্ণ কভিড-১৯ বিধি অনুসৰি ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰা হ’ব, য’ত কভিড-১৯ সম্পূৰ্ণ টীকা গ্ৰহণযুক্ত লোকশিল্পীয়ে বাৰেবৰণীয়া লোকসংগীত-নৃত্য পৰিবেশন কৰিব।

লগতে পঢ়ক: মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

উত্তৰ পূবৰ অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা ৰাজ্যৰ লগতে ওড়িষা, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ লোককলা-কৌশলীয়ে ‌অংশগ্ৰহণ কৰিব।

এন.ই.জেড.চি.চি. সঞ্চালক গৌৰি বাসুৰ গতিশীল প্ৰচেষ্টাত লোক সাংস্কৃতিক পথাৰখনক অধিক মহীয়ান কৰাৰ মানসেৰে বৰ্ণিলভাৱে আয়োজন কৰা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটিত ভাৰতৰ ৯ খন ৰাজ্যৰ লোক-নৃত্যৰ আধাৰত বিশিষ্ট নৃত্য পৰিচালক ড্ৰিমলী গগৈৰ পৰিচালনাত এক লোকনৃত্যৰ মননশীল নৃত্যানুষ্ঠান অনুষ্ঠিত হ’ব।

লগতে পঢ়ক:ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা; কোন তেওঁ জানেনে?

এই নৃত্যানুষ্ঠানত একেলগে মঞ্চত ১৩৫ গৰাকী লোকশিল্পীয়ে দেশৰ ৰঙীণ জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰিব।

তদুপৰি, মহোৎসৱত জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী, চাজন নায়ক, লুচি ঘোষ, লাকী গগৈৰ সংগীতানুষ্ঠানে সকলোকে মোহাছন্ন কৰিব।