NORTHEAST NOW (Assamese)
অসম

ক্ষমতা লাগে হাগ্ৰামাক! বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হ’ব বিপিএফ; আজি চূড়ান্ত কৰিব সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2022 9:14 am

আজিৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হ’বলৈ আগবাঢ়িছে।

মিত্ৰতাৰ প্ৰসংগত বিপিএফৰ বিধায়ক দুৰ্গা দাস বড়োৱে জানিবলৈ দিয়ে যে শনিবাৰে বাক্সাত অনুষ্ঠিত হ’বলগীয়া বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত বিষয়টো আলোচনা কৰিব।    

বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে পত্রযোগে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমর্থন জনাই যাব বুলি অৱগত কৰিছিল।

অৱশ্যে, শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত দলটোৰ  বিধায়কসকলে চৰকাৰক আনুষ্ঠানিকভাৱে সমর্থন জনোৱাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Priyanka Chopra: গোপনে ৰাখিব বিচাৰিছে খৱৰটো! মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

বিজেপি মিত্ৰজোঁটত বড়োসকলৰ আনটো ৰাজনৈতিক দল ইউ পি পি এল আছে যদিও ৰাজনৈতিক ক্ষমতা লাভৰ স্বাৰ্থত হাগ্রামা মহিলাৰীয়ে বিজেপিৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে।

ৰাজ্যখনত বিৰোধী শক্তি দুৰ্বল হৈ পৰাৰ স্থিতি লক্ষ্য কৰি হাগ্ৰামাই শাসনাধীষ্ঠ দলৰ সৈতে মিত্ৰতা কৰাৰ পোষকতা কৰিছে।

ইপিনে, বিজেপি দলেও বি পি এফক আদৰিবলৈ সাজু হৈ থকাৰ কথা ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সদৰী কৰিছে। ইউ পি পি এলক অসন্তুষ্ট নকৰাকৈয়ে বিপিএফকো লগত ৰখাৰ ইচ্ছা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ৷

লগতে পঢ়ক: কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী; ১.৩০কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ

বিটিআৰৰ শেহতীয়া গতিবিধিলৈ লক্ষ্য ৰাখি বিপিএফ আৰু ইউপিপিএল দুয়োটা দলেই বিজেপিৰ শৰণাপন্ন হৈ ৰাজনৈতিক নিজৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ পথত অগ্ৰসৰ হোৱাৰ মন মেলিছে।

আনহাতে, বিজেপিয়ে গুৰুত্বপূৰ্ণ বিটিআৰত দুই প্ৰতিদ্বন্দ্বী গোটক একেলগে লগত ৰাখি দুয়োটা শক্তিকেন্দ্ৰকে চাপত ৰখাৰ কৌশল ৰচনা কৰিছে।