NORTHEAST NOW (Assamese)
অসম

বিহালীত বনৰজাৰ আতংক, বাঘৰ আক্ৰমণত নিহত বহুটো পশুধন

Posted by: কাজী জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম, বিশ্বনাথ January 22, 2022 4:35 pm
Tiger terror in Bihali

বিহালীত এইবাৰ বনৰজাৰ সন্ত্ৰাস। নিদ্ৰাহৰণ কৰিছে বিহালীবাসীৰ। এইবাৰ বনত নহয় জনাঞ্চলত প্ৰৱেশ ঘটিছে বনৰ ৰজাৰ।

বনৰজাৰ আগমণে এতিয়া বিহালী প্ৰান্তৰ কেইবাটাও অঞ্চলত নিশা ত্ৰাসৰ সৃষ্টি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘৰ খাদ্য তালিকাত এতিয়া বৃহত্তৰ বিহালীৰ পশুধন। নিতৌ বাঘৰ আক্ৰমণত পশুধনৰ মৃত্যুয়ে এতিয়া নিদ্ৰা হৰিছে অঞ্চলবাসীক।

এটাৰ পিছত আনটো পশুধনৰ মৃত্যুয়ে এতিয়া চিন্তিত কৰি তুলিছে পশুপালক সকলক। হাতত লাঠি যোং লৈ বন বিভাগৰ সৈতে ওলাই আহিছে স্থানীয় ৰাইজ।

প্ৰত্যক্ষ দৰ্শী সকলৰ মতে আজি কিছু দিনৰ অঞ্চলটোত দিন ৰাতি একাকাৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘটোৱে। এই সন্দৰ্ভত ৰাইজক সতৰ্ক আৰু সচেতন থাকিবলৈ সজাগতা সভা অনুষ্ঠিত হৈ আহিছে যদিও কোনো সমাধান পোৱা নাই বিহালী বাসীয়ে। বৰঞ্চ নিতৌ বনৰজাৰ আক্ৰমণত হেৰুৱাব লগীয়া হৈছে পশুধন।

বাঘটোক পিঞ্জৰাবদ্ধ কৰি সকাহ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। বন বিভাগে নিশা অঞ্চলটোত তহল দিলেও নিশা যে পুনৰ কোনো পশুধন বাঘৰ আক্ৰমণৰ বলি নহ’ব সেইয়া নুই কৰিব নোৱাৰি।

সেয়ে বিভাগে অতি সোনকালে বাঘটো ট্ৰেংকুলাইজ কৰি বন্দী কৰিব লাগে বুলি দাবী জনাইছে স্থানীয় ৰাইজে।

বন বিভাগে এই ক্ষেত্ৰত পশুধনৰ লগতে ৰাইজৰ সুৰক্ষাৰ খাতিৰত পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব।