যোৰহাটৰ উজনি তিম তিমিয়াৰ ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পৰ সমীপত পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাটৰ উজনি তিম তিমিয়াৰ ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পৰ সমীপত আজি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।
জানিব পৰা মতে, ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পৰ সমীপৰ আহুতলি পথাৰত থকা অ’এনজিচিৰ তৈল পৰিবাহী পাইপলাইনত এই অগ্নিকাণ্ডটো সংঘটিত হৈছে।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই ছানি ধৰিছে।
এতিয়ালৈকে অগ্নিকাণ্ডৰ ঘটনাটো কেনেকৈ সংঘটিত হ’বলৈ পালে সেয়া জানিব পৰা হোৱা নাই।
লগতে পঢ়ক: প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলী: নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ
ইতিমধ্যে যোৰহাটৰ পৰা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
বৰ্তমান জুই বহু পৰিমানে নিয়ন্ত্ৰিত হোৱা বুলি জানিব পৰা গৈছে।
পাইপলাইনত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে কাষৰ গাঁসমূহত আতংকৰ পৰিৱেশে বিৰাজ কৰে।