NORTHEAST NOW (Assamese)
Popular Stories

‘পুষ্পা: দ্য ৰাইজ’ৰ বৃহৎ সফলতাৰ পাছত অল্লু অৰ্জুনলৈ অভাৱনীয় পাৰিশ্ৰমিকৰ প্ৰস্তাৱ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2022 2:56 pm
Allu Arjun

অল্লু অৰ্জুনৰ শেহতীয়াকৈ মুক্তি পোৱা ‘পুষ্পা: দ্য ৰাইজ’ ছবিখন বক্স অ’ফিচত বৃহৎ সফলতা লাভ কৰিছে। মুক্তি পোৱাৰ প্ৰায় ডেৰ মাহ পাছত কৰ’না কালতো ছবিখনে ৩০০কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

পুষ্পাৰ সফলতাৰ পাছতে ছবিখনৰ নায়ক অল্লু অৰ্জনো ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইকৈ দামী অভিনেতা হোৱাৰ পথত অগ্ৰসৰ হৈছে।

বাতৰি অনুসৰি, দক্ষিণৰ ছবি পৰিচালক আতলিৰ পৰৱৰ্তী ছবিৰ বাবে অভাৱনীয় পাৰিশ্ৰমিকৰ প্ৰস্তাৱ লাভ কৰিছে অভিনেতাগৰাকীয়ে। তেওঁ প্ৰস্তাৱ পোৱা পাৰিশ্ৰমিকেৰে দৰাচলতে এখন বিগ বাজেটৰ ছবিয়ে নিৰ্মাণ কৰিব পৰা যায়।

অল্লুৱে কিমান টকাৰ প্ৰস্তাৱ লাভ কৰিছে? জানিব পৰা মতে, ছবিৰ প্ৰযোজক গোষ্ঠীয়ে অভিনয়ৰ বাবে তেওঁক ১০০কোটি টকাৰ প্ৰস্তাৱ দিছে।

সুকুমাৰ পৰিচালিত ‘পুষ্পা’ৰ মুক্তি পোৱাৰ পাছতে অল্লু অৰ্জুনৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলৰ ফল’ৱাৰৰ সংখ্যাও তেওঁৰ পাৰিশ্ৰমিকৰ দৰেই হোৰাহোৰে বৃদ্ধি পাইছে।

তেলেগু ছুপাৰষ্টাৰ গৰাকীয়ে তেওঁৰ অনৰাগীৰ সংখ্যা ডেৰ কোটি স্পৰ্শ কৰা উপলক্ষে মকৰ সংক্ৰান্তিৰ দিনা এটা বিশেষ প’ষ্টো দিয়ে।