NORTHEAST NOW (Assamese)
অসম

বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে লংটং চেমা নগা গাওঁৰ ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা January 26, 2022 7:18 am

উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী সকলৰ অন্যতম চেমা নগা সকলৰ লংটং চেমা নগা গাওঁৰ ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

মাৰ্ঘেৰিটা লংটং চেমা গাওঁৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰ শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু।

এই অনুষ্ঠানতে নাগালেণ্ডৰৰ পৰা সংগ্ৰহ কৰি অনা শিলেৰে নিৰ্মিত এক স্মাৰক উন্মোচন কৰা হয়।

নগা সকলৰ যুদ্ধৰ নৃত্য, সূতা কটা নৃত্য সহ বহুকেইটা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠানত পৰিৱেশন কৰা হয়।

উল্লেখ্য উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী সকলৰ অন্যতম চেমা নগা সকলে বছৰৰ পিছত বছৰ ধৰি স্বকীয় পৰম্পৰা তথা সংস্কৃতি বজাই ৰাখিবলৈ সক্ষম হৈছে।